যোগেন মহন আৰু তেৰছ গোৱালা অসমৰ পৰা বিজেপিৰ ৰাজ্যসভাৰ প্ৰাৰ্থী
গুৱাহাটী, ০৩ মাৰ্চ (হি.স.)। ৰাজ্যসভাত খালী হোৱা অসমৰ তিনিখন আসনৰ ভিতৰত বিজেপিয়ে দুজন প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে ৷ সেই অনুসৰি মন্ত্ৰী যোগেন মহন আৰু বিধায়ক তেৰছ গোৱালা অসমৰ পৰা বিজেপিৰ ৰাজ্যসভাৰ প্ৰাৰ্থীৰূপে প্ৰক্ষেপ কৰা হৈছে। উল্লেখ্য় যে বৰ্তমান মন্
যোগেন মহন আৰু তেৰছ গোৱালা


গুৱাহাটী, ০৩ মাৰ্চ (হি.স.)। ৰাজ্যসভাত খালী হোৱা অসমৰ তিনিখন আসনৰ ভিতৰত বিজেপিয়ে দুজন প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে ৷ সেই অনুসৰি মন্ত্ৰী যোগেন মহন আৰু বিধায়ক তেৰছ গোৱালা অসমৰ পৰা বিজেপিৰ ৰাজ্যসভাৰ প্ৰাৰ্থীৰূপে প্ৰক্ষেপ কৰা হৈছে। উল্লেখ্য় যে বৰ্তমান মন্ত্ৰী যোগেন মহন মাহমৰা সমষ্টিৰ আৰু তেৰছ গোৱালা দুলিয়াজান সমষ্টিৰ বিধায়ক হৈ আছে ৷ ইফালে ৰাজ্যসভাত খালী হোৱা অসমৰ তিনিখন আসনৰ ভিতৰত আনখন আসনত মিত্ৰ দলৰ প্ৰাৰ্থী থিয় কৰাব বুলি জানিব পৰা গৈছে। এইক্ষেত্ৰত ইউ পি পি এলৰ প্রমোদ বড়োৱে তৃতীয় খন আসনত শাসকীয় পক্ষৰ প্ৰাৰ্থীৰূপে প্ৰতিদ্বন্দ্বিতা কৰিব বুলি চৰ্চিত হৈছে।

উল্লেখ্য যে ভাৰতীয় জনতা পাৰ্টিয়ে মঙলবাৰে ৰাজ্যসভাৰ ৯ গৰাকী প্ৰাৰ্থীৰ নাম ঘোষণা কৰে। এই তালিকাত বিহাৰৰ পৰা মনোনীত হোৱা দলৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনৰ নামো সন্নিবিষ্ট কৰা হৈছে। একেদৰে অসমৰ পৰা তেৰশ গোৱালা আৰু যোগেন মোহনক প্ৰাৰ্থীত্ব প্ৰদান কৰিছে বিজেপিয়ে। প্ৰণিধানযোগ্য যে অহা ৯ এপ্ৰিলত অন্ত পৰিব অসমৰ তিনি সাংসদ ক্ৰমে ভূৱনেশ্বৰ কলিতা, অজিত কুমাৰ ভূঞা আৰু ৰামেশ্বৰ তেলীৰ কাৰ্যকাল । এই তিনিখন আসনৰ দুখন বৰ্তমান বিজেপিৰ দখলত থকাৰ বিপৰীতে এখন আসন আছে বিৰোধীৰ দখলত ।

উল্লেখযোগ্য যে ৰাজ্যসভা নিৰ্বাচনৰ বাবে মনোনয়ন প্ৰক্ৰিয়াত মাত্ৰ এদিন বাকী আছে। বিহাৰকে ধৰি ১০খন ৰাজ্যৰ ৩৭খন ৰাজ্যসভাৰ আসনৰ বাবে ১৬ মাৰ্চত নিৰ্বাচন অনুষ্ঠিত হ’ব। মহাৰাষ্ট্ৰৰ ৭খন, তামিলনাডুৰ ৬খন, বিহাৰ আৰু পশ্চিম বংগৰ ৫খনকৈ, ওড়িশাৰ চাৰিখন, অসমৰ ৩খন, তেলেংগানা, ছত্তীশগড়, আৰু হাৰিয়ানাৰ দুখনকৈ, হিমাচল প্ৰদেশৰ এখনকৈ আসনৰ বাবে ভোটগ্ৰহণ অনুষ্ঠিত হ’ব। অৱশ্যে ৯ মাৰ্চতে সামৰণি পৰিব পাৰে অসমৰ ৰাজ্যসভা নিৰ্বাচনৰ প্ৰক্ৰিয়া । মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিম দিনাই স্পষ্ট হৈ পৰিব অসমত ১৬ মাৰ্চত ভোটগ্ৰহণৰ প্ৰয়োজনীয়তা থাকিব নে নাই । যদি নাথাকে তেতিয়া ভোটদানৰ পূৰ্বেই ঘোষণা হ’ব বিজয়ী প্ৰাৰ্থীৰ নাম ।

মনকৰিবলগীয়া যে ৯ মাৰ্চত ৰাজ্যসভা নিৰ্বাচনৰ প্ৰক্ৰিয়াৰ সমাপ্তি ঘটিলে ১০ মাৰ্চত ঘোষণা হ’ব পাৰে অসমৰ ষষ্ঠদশ বিধানসভাৰ নিৰ্বাচনৰ দিন ।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande