মুম্বাই/নতুন দিল্লী, ০১ আগষ্ট (হি.স.)। ভাৰতীয় ৰিজাৰ্ভ বেংকে বৃহস্পতিবাৰে প্ৰকাশ কৰা অনুসৰি, ২০০০ টকাৰ ৯৭.৯২ শতাংশ নোট বেংকলৈ ঘূৰাই দিয়া হৈছে। প্ৰচলনৰ পৰা আঁতৰোৱা মাত্ৰ ৭,৪০৯ কোটি টকাৰ নোটহে এতিয়া ৰাইজৰ কাষত আছে। অৱশ্যে এই নোটসমূহ এতিয়াও আইনী কাৰ্যকৰী হৈ আছে ।
ৰিজাৰ্ভ বেংকে এক বিবৃতিত কয় যে ২০২৪ চনৰ ৩১ জুলাইৰ ভিতৰত ২০০০ টকাৰ নোট ৭,৪০৯ কোটি টকালৈ হ্ৰাস পাইছে। এইদৰে ৯৭.৯২ শতাংশ নোট বেংকলৈ ঘূৰি আহিছে। ২০২৩ চনৰ ১৯ মে’ত প্ৰচলনৰ পৰা ২০০০ টকাৰ বেংক নোট উলিয়াব বুলি ঘোষণা কৰিছিল আৰ বি আইয়ে। ২০০০ টকীয়া নোট জমা বা বিনিময়ৰ সুবিধা দেশৰ সকলো বেংক শাখাতে ২০২৩ চনৰ ৭ অক্টোবৰলৈকে উপলব্ধ হ’ব। বিনিময়ৰ সুবিধা অনুসৰি ২০২৩ চনৰ ১৯ মে’ৰ পৰা ৰিজাৰ্ভ বেংকৰ ১৯টা ইছ্যু কাৰ্যালয়ত এতিয়াও প্ৰচলনৰ পৰা উলিওৱা ২০০০ বেংক নোট উপলব্ধ। আৰ বি আইৰ আঞ্চলিক কাৰ্যালয়সমূহে ২০২৩ চনৰ ৯ অক্টোবৰৰ পৰা তেওঁলোকৰ বেংক একাউণ্টত জমা কৰিবলৈ ব্যক্তি আৰু সত্তাৰ পৰা ২০০০ টকীয়া বেংক নোট গ্ৰহণ কৰি আছে। ইয়াৰ বাহিৰেও সমগ্ৰ দেশতে ইণ্ডিয়ান ডাকযোগে আৰ বি আইৰ যিকোনো ইছ্যু কাৰ্যালয়লৈ ২০০০ টকাৰ নোট প্ৰেৰণ কৰি আছে, যিটো তেওঁলোকৰ বেংক একাউণ্টত জমা হয় ২০০০ আৰ বি আইৰ ১৯টা আঞ্চলিক কাৰ্যালয় হ’ল আহমেদাবাদ, বেংগালুৰু, বেলাপুৰ, ভোপাল, ভূৱনেশ্বৰ, চণ্ডীগড়, চেন্নাই, গুৱাহাটী, হায়দৰাবাদ, জয়পুৰ, জম্মু, কানপুৰ, কলকাতা, লক্ষ্ণৌ, মুম্বাই, নাগপুৰ, নতুন দিল্লী, পাটনা আৰু তিৰুৱনন্তপুৰম। উল্লেখযোগ্য যে ২০১৬ চনৰ নৱেম্বৰ মাহত প্ৰচলনৰ পৰা ১০০০ আৰু ৫০০ টকীয়া বেংক নোট উলিওৱাৰ পিছত ২০০০ টকীয়া বেংক নোট জাৰি কৰা হৈছিল।
হিন্দুস্থান সমাচাৰ/ প্ৰজেশ শংকৰ
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া