বিমানবন্দৰৰ সমীপৰ অট্টালিকাৰ উচ্চতা নিৰ্ণয়ৰ বাবে অতি সোনকালে হ’ব অধ্যয়নঃ নাইডু
নতুন দিল্লী, ৩০ আগষ্ট (এইচ এছ)। কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহণ মন্ত্ৰী কে ৰাম মোহন নাইডুৱে শনিবাৰে কয় যে আগন্তুক বিমানবন্দৰৰ সমীপৰ অট্টালিকাৰ উচ্চতা ৰোধ কৰিবলৈ অতি সোনকালে আন্তঃৰাষ্ট্ৰীয় অধ্যয়ন আৰম্ভ কৰা হ’ব। ইয়াৰ বাবে আইচিএঅ’ৰ বিশেষজ্ঞৰ সহায় ল
नारेडको के 17वें राष्ट्रीय सम्मेलन को संबोधित करते के. राममोहन नायडू


নতুন দিল্লী, ৩০ আগষ্ট (এইচ এছ)। কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহণ মন্ত্ৰী কে ৰাম মোহন নাইডুৱে শনিবাৰে কয় যে আগন্তুক বিমানবন্দৰৰ সমীপৰ অট্টালিকাৰ উচ্চতা ৰোধ কৰিবলৈ অতি সোনকালে আন্তঃৰাষ্ট্ৰীয় অধ্যয়ন আৰম্ভ কৰা হ’ব। ইয়াৰ বাবে আইচিএঅ’ৰ বিশেষজ্ঞৰ সহায় লোৱা হ’ব।

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ইয়াৰ অশোকা হোটেলত অনুষ্ঠিত হোৱা নাৰেডকোৰ ১৭ সংখ্যক ৰাষ্ট্ৰীয় সন্মিলনত ভাষণ দি এই মন্তব্য কৰে। ভাষণত নাইডুৱে আগন্তুক বিমানবন্দৰসমূহৰ আশে-পাশে ৰিয়েল এষ্টেট উন্নয়নৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰে। তেওঁ কয় যে বিমানবন্দৰ আৰু ইয়াৰ আশে-পাশে সেৱা বৃদ্ধিৰ উপায়ো চৰকাৰে বিবেচনা কৰি আছে।

ৰিয়েল এষ্টেট খণ্ডৰ সংস্থা নাৰেডকোৰ সন্মিলনত নাইডুৱে কয় যে ভাৰত বিশ্বৰ ভিতৰতে দ্ৰুতগতিত বৃদ্ধি পোৱা অসামৰিক বিমান পৰিবহণৰ বজাৰসমূহৰ ভিতৰত অন্যতম। তেওঁ কয় যে যোৱা ১১ বছৰত দেশত কাৰ্যকৰী বিমানবন্দৰৰ সংখ্যা ৮৮ৰ পৰা ১৬২লৈ বৃদ্ধি পাইছে৷

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande