ভাৰতৰ ওপৰত আমেৰিকাই প্ৰযোজ্য কৰা শুল্ক “অল্পকালীন” হোৱাৰ আশা চিইএ ভি অনন্ত নাগেশ্বৰনৰ
নতুন দিল্লী, ৩১ আগষ্ট (হি.স.)। ভাৰতৰ মুখ্য অৰ্থনৈতিক উপদেষ্টা (চি ই এ) ভি অনন্ত নাগেশ্বৰনে বিশ্বাস কৰে যে ভাৰতৰ ওপৰত আমেৰিকাই প্ৰযোজ্য কৰা শুল্ক “অল্পকালীন” হ’ব আৰু “অতি সোনকালে” এটা সমাধানত উপনীত হ’ব । চি ই এ গৰাকীয়ে সংবাদ সংস্থা পিটিআইৰ আগত এই কথা
ভাৰতৰ মুখ্য অৰ্থনৈতিক উপদেষ্টা (চি ই এ) ভি অনন্ত নাগেশ্বৰন


নতুন দিল্লী, ৩১ আগষ্ট (হি.স.)। ভাৰতৰ মুখ্য অৰ্থনৈতিক উপদেষ্টা (চি ই এ) ভি অনন্ত নাগেশ্বৰনে বিশ্বাস কৰে যে ভাৰতৰ ওপৰত আমেৰিকাই প্ৰযোজ্য কৰা শুল্ক “অল্পকালীন” হ’ব আৰু “অতি সোনকালে” এটা সমাধানত উপনীত হ’ব । চি ই এ গৰাকীয়ে সংবাদ সংস্থা পিটিআইৰ আগত এই কথা প্ৰকাশ কৰিছে।

আমেৰিকাৰ শুল্ক অব্যাহত ৰখাটোৱে (২৭ আগষ্টৰ পৰা শুল্ক ৫০ শতাংশলৈ বৃদ্ধি কৰি) দ্বিতীয় ত্ৰৈমাসিকত ভাৰতীয় অৰ্থনীতিত কিছু প্ৰভাৱ পেলাব বুলি স্বীকাৰ কৰি নাগেশ্বৰনে অনুভৱ কৰে যে “বহুত কথা-বতৰা” চলি আছে যাৰ ফলত অতি সোনকালে সমাধান হ’ব পাৰে।

ইউক্ৰেইন আক্ৰমণৰ মাজতে ৰাছিয়াৰ তেল ক্ৰয় কৰাৰ বাবে “শাস্তি” হিচাপে আমেৰিকাই ভাৰতৰ পৰা আমদানিৰ ওপৰত পূৰ্বৰ ২৫ শতাংশ শুল্কৰ তুলনাত ২৭ আগষ্টৰ পৰা কাৰ্যকৰী হোৱা মুঠ ৫০ শতাংশ শুল্ক আৰোপ কৰিছিল। চি ই এ ভি অনন্ত নাগেশ্বৰনে ৩০ আগষ্টত সংবাদ সংস্থাটোক কয় যে, ‘আমেৰিকাৰ শুল্কৰ দুটা অংশ আছিল। দুয়োটাৰে দ্বিতীয় ত্ৰৈমাসিকত আৰু সম্ভৱতঃ কেলেণ্ডাৰ চতুৰ্থ ত্ৰৈমাসিকৰ আৰম্ভণি বা বিত্তীয় তৃতীয় ত্ৰৈমাসিকৰ অলপ সময়লৈকে প্ৰভাৱ পৰিব।

তেওঁ অৱশ্যে আশাবাদী হৈ লগতে কয়, মই ভাবো এই শুল্ক ব্যৱস্থাৰ কিছুমান অল্পকালীন হ'ব আৰু ভাৰত আৰু আমেৰিকা চৰকাৰৰ মাজত বহু কথা-বতৰা চলি আছে। আৰু মই বিশ্বাস কৰোঁ যে পিছত নহয় সোনকালে এটা প্ৰস্তাৱ পোৱা যাব।

তেওঁ লগতে আত্মবিশ্বাসী যে দ্বিতীয় ত্ৰৈমাসিকত ভাৰতীয় অৰ্থনীতিৰ বৃদ্ধিৰ ওপৰত শুল্কৰ প্ৰভাৱ “নিয়ন্ত্ৰিত” হ’ব, আৰু হয়তো সৰ্বাধিক তৃতীয় ত্ৰৈমাসিকৰ এটা অংশ হৈ পৰিব।

ভাৰতীয় অৰ্থনীতিৰ অন্তৰ্নিহিত স্থিতিস্থাপকতাৰ ওপৰত আশা স্থাপন কৰি তেওঁ কয় যে চলিত বিত্তীয় বৰ্ষৰ প্ৰথম ত্ৰৈমাসিকত (Q1 FY26) প্ৰদৰ্শিত উচ্চ বৃদ্ধিৰ গতিবেগ আগন্তুক ত্ৰৈমাসিকতো অব্যাহত থকাৰ সম্ভাৱনা আছে, য’ত আমেৰিকাৰ উচ্চ শুল্কৰ পৰাই নিম্নগামী পক্ষপাতিত্ব ধাৰাৰ সৃষ্টি হৈছে।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande