বেংগালুৰুত এপলৰ প্ৰথম খুচুৰা বিপণী মুকলি
নতুন দিল্লী, ০২ ছেপ্টেম্বৰ (হি.স.)। এপলে মঙলবাৰে বেংগালুৰুত “এপল হেবল” নামেৰে প্ৰথমটো খুচুৰা বিপণী মুকলি কৰে। দিল্লী আৰু মুম্বাইৰ পিছত এই কোম্পানীটোৰ দক্ষিণ ভাৰতৰ প্ৰথমটো ষ্ট’ৰ আৰু দেশৰ ভিতৰতে তৃতীয়টো ষ্ট’ৰ। কোম্পানীটোৱে এক বিবৃতিত কয় যে ‘এপল হেবল
বেংগালুৰুত এপলৰ প্ৰথম খুচুৰা বিপণী মুকলি


নতুন দিল্লী, ০২ ছেপ্টেম্বৰ (হি.স.)। এপলে মঙলবাৰে বেংগালুৰুত “এপল হেবল” নামেৰে প্ৰথমটো খুচুৰা বিপণী মুকলি কৰে। দিল্লী আৰু মুম্বাইৰ পিছত এই কোম্পানীটোৰ দক্ষিণ ভাৰতৰ প্ৰথমটো ষ্ট’ৰ আৰু দেশৰ ভিতৰতে তৃতীয়টো ষ্ট’ৰ।

কোম্পানীটোৱে এক বিবৃতিত কয় যে ‘এপল হেবল’ নামৰ এই ষ্ট’ৰটোৱে গ্ৰাহকক এপলৰ সম্পূৰ্ণ ৰেঞ্জৰ সামগ্ৰী, সেৱা আৰু সমৰ্থনৰ লগতে বিনামূলীয়া ‘টুডে এট এপল’ অধিবেশন প্ৰদান কৰিব। এই অধিবেশনে ব্যৱহাৰকাৰীসকলক তেওঁলোকৰ ডিভাইচসমূহৰ পৰা সৰ্বাধিক লাভ কৰাত সহায় কৰিব।

অনলাইন প্লেটফৰ্মৰ উপৰিও এপলে মুম্বাইৰ বান্দ্ৰা কুৰ্লা কমপ্লেক্সত প্ৰথমটো ভাৰতীয় ষ্ট’ৰ ‘এপল বিকেচি’ মুকলি কৰিছিল। ইয়াৰ পিছত দিল্লীত আৰম্ভ হ’ল ‘এপল সাকেট’। এপলে কয় যে এই নতুন ষ্ট’ৰটো ১০০ শতাংশ নবীকৰণযোগ্য শক্তিৰে চালিত।

এপলৰ জ্যেষ্ঠ উপ-সভাপতি (খুচৰা আৰু ৰাজহুৱা গোট) ডেইৰড্ৰে অ’ব্ৰাইনে এক বিবৃতিত কয় যে, “বেংগালুৰুৰ উদ্ভাৱন মনোভাৱক উদযাপন কৰা এটা কমিউনিটি চেণ্টাৰ এপল হেবাল মুকলি কৰি আমি আনন্দিত হৈছো।” তেওঁ কয় যে গ্ৰাহকে এপল হেবালত নতুন সামগ্ৰী উপভোগ কৰিব পাৰিব, য’ত আছে আইফোন-১৬, এম৪ চিপৰ দ্বাৰা চালিত মেকবুক প্ৰ’, এপল পেঞ্চিল প্ৰ’ৰ সৈতে আইপেড এয়াৰ, এপল ৱাচ ছিৰিজ ১০, এয়াৰপডছ ৪ আৰু এয়াৰটেগ।

উল্লেখযোগ্য যে এপল ষ্ট’ৰৰ ৭০ জন সদস্য ভাৰতৰ ১৫খন ৰাজ্যৰ আৰু গ্ৰাহকক ব্যক্তিগতকৃত পৰামৰ্শ দিবলৈ, আইওএছ গ্ৰহণ কৰাত সহায় কৰিবলৈ, বিত্তীয় বিকল্পৰ বাবে প্ৰশিক্ষণ দিয়া হৈছে।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande