দেশত পেট্ৰ’ল-ডিজেলৰ দৰ স্থিৰ, খাৰুৱা তেলৰ দৰ ৮২ ডলাৰৰ ওচৰত
নতুন দিল্লী, ২৭ জুলাই (হি.স.)। আন্তঃৰাষ্ট্ৰীয় বজাৰত অপৰিশোধিত খাৰুৱা তেলৰ দৰ হ্ৰাস বৃদ্ধি অব্যাহত আছে। সম্প্ৰতি খাৰুৱা তেলৰ দৰ প্ৰতি বেৰেলত ৮২ ডলাৰত ওচৰত ট্ৰেডিং কৰি আছে। অৱশ্যে, ঘৰুৱা বজাৰত পেট্ৰ’ল আৰু ডিজেলৰ মূল্য এতিয়াও সুস্থিৰ হৈ আছে। ৰাজহুৱা খ
ইন্ধন


নতুন দিল্লী, ২৭ জুলাই (হি.স.)। আন্তঃৰাষ্ট্ৰীয় বজাৰত অপৰিশোধিত খাৰুৱা তেলৰ দৰ হ্ৰাস বৃদ্ধি অব্যাহত আছে। সম্প্ৰতি খাৰুৱা তেলৰ দৰ প্ৰতি বেৰেলত ৮২ ডলাৰত ওচৰত ট্ৰেডিং কৰি আছে। অৱশ্যে, ঘৰুৱা বজাৰত পেট্ৰ’ল আৰু ডিজেলৰ মূল্য এতিয়াও সুস্থিৰ হৈ আছে। ৰাজহুৱা খণ্ডৰ তেল বিপণন কোম্পানীবোৰে দুয়োটা ইন্ধনৰ মূল্য যোৱা বছৰৰ ২২ মে’ৰ পৰাই কোনো পৰিৱৰ্তন কৰা নাই। ইণ্ডিয়ান অইলৰ ৱেবচাইট মতে আজি শনিবাৰে ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীত পেট্ৰ’ল প্ৰতি লিটাৰত ৯৪.৭২ টকা আৰু ডিজেলৰ প্ৰতি লিটাৰৰ মূল্য আছিল ৮৭.৬২ টকা।

ইণ্ডিয়ান অইল ৱেবছাইটৰ মতে, বাণিজ্যিক নগৰী মুম্বাইত পেট্ৰ’লৰ মূল্য প্ৰতি লিটাৰত ১০৪.২১ টকা আৰু ডিজেলৰ মূল্য প্ৰতি লিটাৰত ৯২.১৫ টকা। একে সময়তে, কলকাতাত পেট্ৰ’ল প্ৰতি লিটাৰত ১০৩.৯৪ টকা, আনহাতে ডিজেলৰ মূল্য প্ৰতি লিটাৰত ৯০.৭৬ টকা। একেদৰে, চেন্নাইত পেট্ৰ’লৰ মূল্য প্ৰতি লিটাৰত ১০০.৭৫ টকা আৰু ডিজেল প্ৰতি লিটাৰত ৯২.৩৪ টকাত উপলদ্ধ হৈ আছে।

লক্ষণীয় যে আন্তৰাষ্ট্ৰীয় বজাৰত, আজি সপ্তাহৰ অন্তিম ব্যৱসায়িক দিনা ব্ৰেণ্ট ক্ৰুড প্ৰতি বেৰেলত ১.২৪ ডলাৰ বা ১.৫১ শতাংশ হ্ৰাস পাই ৮১.১৩ ডলাৰ আৰু পশ্চিম টেক্সাছ ইণ্টাৰমিডিয়েট (ডব্লিউ টি আই) খাৰুৱা তেলৰ মূল্য ১.১২ ডলাৰ বা ১.৪৩ শতাংশ হ্ৰাস পাই প্ৰতি বেৰেলত ৭৭.১৬ ডলাৰত ব্যৱসায় কৰি আছে।

উল্লেখযোগ্য যে প্ৰায় দুবছৰ ধৰি পেট্ৰল-ডিজেলৰ মূল্যৰ কোনো পৰিৱৰ্তন হোৱা নাই।

হিন্দুস্থান সমাচাৰ / অৰৱিন্দ / মনোজ কুমাৰ শইকীয়া


 rajesh pande