গণেশ চতুৰ্থীৰ দিনা সোণৰ দৰ বৃদ্ধি, ৰূপৰো চমক বৃদ্ধি
নতুন দিল্লী, ০৭ ছেপ্টেম্বৰ (হি.স.)। আজি গণেশ চতুৰ্থীৰ দিনটোত ঘৰুৱা বুলিয়ন বজাৰত বুলিছ ট্ৰেণ্ড দেখা গৈছে। আজিৰ উত্থানৰ বাবে সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ৫০০ টকাতকৈ অধিক বৃদ্ধি পাই ৭৩ হাজাৰ টকাৰ স্তৰ অতিক্ৰম কৰিছে। একেদৰে আজিও ২ হাজাৰতকৈ অধিক টকা জপিয়া
সোণ ৰূপ


নতুন দিল্লী, ০৭ ছেপ্টেম্বৰ (হি.স.)। আজি গণেশ চতুৰ্থীৰ দিনটোত ঘৰুৱা বুলিয়ন বজাৰত বুলিছ ট্ৰেণ্ড দেখা গৈছে। আজিৰ উত্থানৰ বাবে সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ৫০০ টকাতকৈ অধিক বৃদ্ধি পাই ৭৩ হাজাৰ টকাৰ স্তৰ অতিক্ৰম কৰিছে। একেদৰে আজিও ২ হাজাৰতকৈ অধিক টকা জপিয়াই পৰিছে ৰূপ। মূল্যবৃদ্ধিৰ বাবে আজি দেশৰ প্ৰায়বোৰ বুলিয়ন বজাৰতে ২৪ কেৰেট সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ৭৩,৪৭০ টকাৰ পৰা ৭৩,৩২০ টকাৰ ভিতৰত ব্যৱসায় কৰা হৈছে। একেদৰে ২২ কেৰেটৰ সোণো আজি প্ৰতি ১০ গ্ৰামত ৬৭,৩৬০ টকাৰ পৰা ৬৭,২১০ টকাৰ ভিতৰত বিক্ৰী কৰা হৈছে। সোণৰ দৰে ৰূপতো আজি ব্যয়বহুল হৈ পৰিছে। এই মূল্যবৃদ্ধিৰ বাবে দিল্লীৰ বুলিয়ন বজাৰত ৰূপৰ মূল্য আজি প্ৰতি কেজিত ৮৭,১০০ টকাৰ স্তৰত উপনীত হৈছে।

দেশৰ ৰাজধানী দিল্লীত আজি ২৪ কেৰেট সোণৰ মূল্য ৭৩,৪৭০ টকা প্ৰতি ১০ গ্ৰামত বিক্ৰী হোৱাৰ বিপৰীতে ২২ কেৰেট সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ৬৭,৩৬০ টকা ৰেকৰ্ড কৰা হৈছে। দেশৰ বিত্তীয় ৰাজধানী মুম্বাইত ২৪ কেৰেটৰ সোণ প্ৰতি ১০ গ্ৰামত ৭৩,৩২০ টকা আৰু ২২ কেৰেটৰ সোণ প্ৰতি ১০ গ্ৰামত ৬৭,২১০ টকাত বিক্ৰী হৈছে। একেদৰে আহমেদাবাদত ২৪ কেৰেট সোণৰ খুচুৰা মূল্য প্ৰতি ১০ গ্ৰামত ৭৩,৩৭০ টকা আৰু ২২ কেৰেট সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ৬৭,২৬০ টকা ৰেকৰ্ড কৰা হৈছে। এই ডাঙৰ চহৰসমূহৰ উপৰিও আজি চেন্নাইত ২৪ কেৰেট সোণ প্ৰতি ১০ গ্ৰামত ৭৩,৩২০ টকা আৰু ২২ কেৰেট সোণ প্ৰতি ১০ গ্ৰামত ৬৭,২১০ টকাত বিক্ৰী কৰা হৈছে। একেদৰে কলকাতাতো ২৪ কেৰেট সোণ প্ৰতি ১০ গ্ৰামত ৭৩,৩২০ টকা আৰু ২২ কেৰেট সোণৰ দৰ প্ৰতি ১০ গ্ৰামত ৬৭,২১০ টকাৰ স্তৰলৈ আহিছে।

আজি লক্ষ্ণৌৰ বুলিয়ন বজাৰত ২৪ কেৰেট সোণ প্ৰতি ১০ গ্ৰামত ৭৩,৪৭০ টকা আৰু ২২ কেৰেট সোণ প্ৰতি ১০ গ্ৰামত ৬৭,৩৬০ টকাৰ স্তৰত বিক্ৰী হৈছে। পাটনাত ২৪ কেৰেট সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ৭৩,৩৭০ টকালৈ বৃদ্ধি পোৱাৰ বিপৰীতে ২২ কেৰেট সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ৬৭,২৬০ টকাৰ স্তৰত বিক্ৰী হৈছে। একেদৰে জয়পুৰতো ২৪ কেৰেটৰ সোণ প্ৰতি ১০ গ্ৰামত ৭৩,৪৭০ টকা আৰু ২২ কেৰেটৰ সোণ প্ৰতি ১০ গ্ৰামত ৬৭,৩৬০ টকাত বিক্ৰী হৈছে।

দেশৰ আন ৰাজ্যৰ দৰে আজিও কৰ্ণাটক, তেলেংগানা আৰু ওড়িশাৰ বুলিয়ন বজাৰত সোণৰ মূল্য দামী হৈ পৰিছে। এই তিনিখন ৰাজ্যৰ ৰাজধানী বেংগালুৰু, হায়দৰাবাদ আৰু ভুৱনেশ্বৰত আজি প্ৰতি ১০ গ্ৰামত ২৪ কেৰেটৰ সোণৰ মূল্য ৭৩,৩২০ টকা হৈছেগৈ। একেদৰে এই তিনিখন চহৰৰ বুলিয়ন বজাৰত ২২ কেৰেটৰ সোণ প্ৰতি ১০ গ্ৰামত ৬৭,২১০ টকাৰ মাত্ৰাত বিক্ৰী কৰা হৈছে।

হিন্দুস্থান সমাচাৰ / অৰৱিন্দ


 rajesh pande