সমতল স্তৰত বুলিয়ন বজাৰ, সোণ আৰু ৰূপৰ দৰ অপৰিবৰ্তিত
নতুন দিল্লী, ০৬ ছেপ্টেম্বৰ (হি.স.)। ঘৰুৱা বুলিয়ন বজাৰত আজি সম্পূৰ্ণ সমতল স্তৰত ব্যৱসায় চলি আছে। আজি সোণ-ৰূপৰ দামৰ কোনো পৰিৱৰ্তন হোৱা নাই। দেশৰ প্ৰায়বোৰ বুলিয়ন বজাৰতে কেৱল যোৱা কালিৰ মূল্যতহে ব্যৱসায় চলি আছে। সোণৰ মূল্যৰ কোনো পৰিৱৰ্তন নোহোৱাৰ বাব
সোণৰ গহনাৰ ফাইল ফটো


নতুন দিল্লী, ০৬ ছেপ্টেম্বৰ (হি.স.)। ঘৰুৱা বুলিয়ন বজাৰত আজি সম্পূৰ্ণ সমতল স্তৰত ব্যৱসায় চলি আছে। আজি সোণ-ৰূপৰ দামৰ কোনো পৰিৱৰ্তন হোৱা নাই। দেশৰ প্ৰায়বোৰ বুলিয়ন বজাৰতে কেৱল যোৱা কালিৰ মূল্যতহে ব্যৱসায় চলি আছে। সোণৰ মূল্যৰ কোনো পৰিৱৰ্তন নোহোৱাৰ বাবে আজিও ২৪ কেৰেট সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ৭২,৯০০ টকাৰ পৰা ৭২,৭৫০ টকাৰ ভিতৰত ব্যৱসায় কৰা হৈছে। একেদৰে ২২ কেৰেটৰ সোণো আজি প্ৰতি ১০ গ্ৰামত ৬৬,৮৩০ টকাৰ পৰা ৬৬,৬৮০০ টকাৰ ভিতৰত বিক্ৰী কৰা হৈছে। সোণৰ দৰে ৰূপ আজিও বৃহস্পতিবাৰৰ হাৰত অৰ্থাৎ প্ৰতি কেজি ৮৪,৯০০ টকাকৈ বিক্ৰী কৰা হৈছে।

দেশৰ ৰাজধানী দিল্লীত আজি ২৪ কেৰেট সোণৰ মূল্য ৭২,৯০০ টকা প্ৰতি ১০ গ্ৰামত বিক্ৰী হোৱাৰ বিপৰীতে ২২ কেৰেট সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ৬৬,৮৩০ টকা পঞ্জীভূৰ্ক্ত কৰা হৈছে। আনহাতে দেশৰ বিত্তীয় ৰাজধানী মুম্বাইত ২৪ কেৰেটৰ সোণ প্ৰতি ১০ গ্ৰামত ৭২,৭৫০ টকা আৰু ২২ কেৰেটৰ সোণ প্ৰতি ১০ গ্ৰামত ৬৬,৬৮০ টকাত বিক্ৰী হৈছে। একেদৰে আহমেদাবাদত ২৪ কেৰেট সোণৰ খুচুৰা মূল্য প্ৰতি ১০ গ্ৰামত ৭২,৮০০ টকা আৰু ২২ কেৰেট সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ৬৬,৭৩০ টকা ৰেকৰ্ড কৰা হৈছে। এই ডাঙৰ চহৰসমূহৰ উপৰিও আজি চেন্নাইত ২৪ কেৰেট সোণ প্ৰতি ১০ গ্ৰামত ৭২,৭৫০ টকা আৰু ২২ কেৰেট সোণ প্ৰতি ১০ গ্ৰামত ৬৬,৬৮০ টকাত বিক্ৰী কৰা হৈছে। একেদৰে কলকাতাতো ২৪ কেৰেট সোণ প্ৰতি ১০ গ্ৰামত ৭২,৭৫০ টকা আৰু ২২ কেৰেট সোণ প্ৰতি ১০ গ্ৰামত ৬৬,৬৮০ টকাৰ স্তৰলৈ আহিছে।

আজি লক্ষ্ণৌৰ বুলিয়ন বজাৰত ২৪ কেৰেট সোণ প্ৰতি ১০ গ্ৰামত ৭২,৯০০ টকা আৰু ২২ কেৰেট সোণ প্ৰতি ১০ গ্ৰামত ৬৬,৮৩০ টকাৰ স্তৰত বিক্ৰী হৈছে। আনহাতে পাটনাত ২৪ কেৰেট সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ৭২,৮০০ টকালৈ বৃদ্ধি পোৱাৰ বিপৰীতে ২২ কেৰেট সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ৬৬,৭৩০ টকাৰ স্তৰত বিক্ৰী হৈছে। একেদৰে জয়পুৰতো ২৪ কেৰেট সোণ প্ৰতি ১০ গ্ৰামত ৭২,৯০০ টকা আৰু ২২ কেৰেট সোণ প্ৰতি ১০ গ্ৰামত ৬৬,৮৩০ টকাত বিক্ৰী হৈছে।

দেশৰ আন ৰাজ্যৰ দৰে আজিও কৰ্ণাটক, তেলেংগানা আৰু ওড়িশাৰ বুলিয়ন বজাৰত সোণৰ মূল্যৰ কোনো পৰিৱৰ্তন হোৱা নাই। আজি এই তিনিখন ৰাজ্যৰ ৰাজধানী বেংগালুৰু, হায়দৰাবাদ আৰু ভুৱনেশ্বৰত ২৪ কেৰেটৰ সোণৰ মূল্য ৭২,৭৫০ টকা প্ৰতি ১০ গ্ৰামত ব্যৱসায় কৰা হৈছে। একেদৰে এই তিনিখন চহৰৰ বুলিয়ন বজাৰত ২২ কেৰেটৰ সোণ প্ৰতি ১০ গ্ৰামত ৬৬,৬৮০ টকাৰ মাত্ৰাত বিক্ৰী কৰা হৈছে।

হিন্দুস্থান সমাচাৰ / অৰৱিন্দ


 rajesh pande