ধিঙত আৰক্ষীৰ জালত চাৰি স্প্ৰে গেঙৰ সদস্য
ধিঙত আৰক্ষীৰ জালত চাৰি স্প্ৰে গেঙৰ সদস্য ।
ধিঙত আৰক্ষীৰ জালত চাৰি স্প্ৰে গেঙৰ সদস্য


নগাঁও, ২৬ জুলাই (হি.স.): নগাঁও জিলাৰ ধিঙত ধাৰাবাহিক ভাবে স্প্ৰে গেঙৰ সদস্যই সন্ত্ৰাশ চলাই এক প্ৰকাৰে আতংকৰ সৃষ্টি কৰি আহিছে । যাৰ পৰিপ্ৰেক্ষিতত ধিঙৰ ৰাইজে আৰক্ষী প্ৰশাসনৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য হৈছে । তাৰ পাছতেই আৰক্ষী প্ৰশাসন এইক্ষেত্ৰত কিছু তৎপৰতা অৱলম্বন কৰা পৰিলক্ষিত হৈছে ।

ইয়াৰ মাজতে বৃহস্পতি বাৰৰ নিশা আৰক্ষীয়ে ধিঙৰ পটীয়া পথাৰত অভিযান চলাই চাৰিটা গভাইত স্প্ৰে’ চোৰক‌ গ্ৰেপ্তাৰ কৰে । চোৰ কেইটা ক্ৰমে মুকচিদুল ইছলাম, আজিজুল , আবুল কাছেম , আবুল কালাম বুলি জানিব পৰা গৈছে ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande