চুৰিৰ গোচৰত গ্ৰেপ্তাৰ এটা চোৰ
গুৱাহাটী, ১৭ অক্টোবৰ (হি.স.)। গুৱাহাটীৰ দিছপুৰ আৰক্ষীয়ে চুৰি কাণ্ডৰ সৈতে জড়িত এজন দুধৰ্ষ চোৰক গ্ৰেপ্তাৰ কৰিছে। বৃহস্পতিবাৰে আৰক্ষীয়ে জনোৱা মতে, গোপন তথ্যৰ ভিত্তিত চলোৱা অভিযানৰ সময়ত ৰাকেশ বডো ওৰফে অটো (২১, দক্ষিণ গাঁও)ক গ্ৰেপ্তাৰ কৰা হৈছে। ধৃত
চুৰিৰ গোচৰত আটক এজন


গুৱাহাটী, ১৭ অক্টোবৰ (হি.স.)। গুৱাহাটীৰ দিছপুৰ আৰক্ষীয়ে চুৰি কাণ্ডৰ সৈতে জড়িত এজন দুধৰ্ষ চোৰক গ্ৰেপ্তাৰ কৰিছে। বৃহস্পতিবাৰে আৰক্ষীয়ে জনোৱা মতে, গোপন তথ্যৰ ভিত্তিত চলোৱা অভিযানৰ সময়ত ৰাকেশ বডো ওৰফে অটো (২১, দক্ষিণ গাঁও)ক গ্ৰেপ্তাৰ কৰা হৈছে।

ধৃত অভিযুক্তৰ পৰা এটা চুৰি চেমচাং গেলেক্সি টেবলেট, এ ১ লাইট টেবলেট, এটা এইচ পি লেপটপ, এটা ৰিয়েলমি মোবাইল হেণ্ডছেট আৰু এখন এ এছ-০১ ডি ভি-৬৯৫৪ নম্বৰৰ স্কুটি জব্দ কৰা হৈছে। এই সন্দৰ্ভত আৰক্ষীয়ে এফআইআৰ ৰুজু কৰি গ্ৰেপ্তাৰ অভিযুক্তক তীব্ৰ জেৰা অব্যাহত ৰাখিছে।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande