গোলাঘাটত বৃহৎ পৰিমানৰ ড্ৰাগছ জব্দ, দুই সৰবৰহকাৰী স্বামী স্ত্ৰীক আটক
গোলাঘাট, ১৬ অক্টোবৰ (হি.স.)। গোলাঘাটৰ ঢেকীয়ালত বৃহৎ পৰিমানৰ ড্ৰাগছ জব্দ কৰা হৈছে। লগতে ড্ৰাগছ লগত জড়িত দুই সৰবৰহকাৰী স্বামী স্ত্ৰীক আটক কৰা হয়। ধৃতদ্বয়ৰ নাম হৈছে ক্ৰমে সঞ্জয় সিং আৰু পূজা সিং। ডিমাপুৰৰ পৰা ড্ৰাগছ সৰবৰাহ কৰি ফৰকাটিঙলৈ ট্ৰেইনেৰে আহিছিল
গোলাঘাটত বৃহৎ পৰিমানৰ ড্ৰাগছ জব্দ, দুই সৰবৰহকাৰী স্বামী স্ত্ৰীক আটক


গোলাঘাট, ১৬ অক্টোবৰ (হি.স.)। গোলাঘাটৰ ঢেকীয়ালত বৃহৎ পৰিমানৰ ড্ৰাগছ জব্দ কৰা হৈছে। লগতে ড্ৰাগছ লগত জড়িত দুই সৰবৰহকাৰী স্বামী স্ত্ৰীক আটক কৰা হয়। ধৃতদ্বয়ৰ নাম হৈছে ক্ৰমে সঞ্জয় সিং আৰু পূজা সিং। ডিমাপুৰৰ পৰা ড্ৰাগছ সৰবৰাহ কৰি ফৰকাটিঙলৈ ট্ৰেইনেৰে আহিছিল দুয়ো।

ফৰকাটিঙৰ পৰা এখন বাহন ভাড়া কৰি যোৰহাটলৈ গৈ থকা অৱস্থাত গোলাঘাটৰ অতিৰিক্ত আৰক্ষী অধিক্ষক জ'ন দাসৰ নেতৃত্বত ঢেকীয়াল চাৰিয়াতিল বিশেষ পম খেদি আটক কৰিবলৈ সক্ষম হৈছে দুয়োকে। জব্দ কৰা ড্ৰাগছৰ মূল্য় প্ৰায় ৫ লাখ টকা মূল্যৰ হ’ব বুলি কোৱা হৈছে। গোলাঘাট আৰক্ষী আৰু ঢেকীয়াল আৰক্ষীয়ে অনুসন্ধান অব্যাহত ৰাখিছে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande