এল আই চিৰ নতুন অভিলেখ স্থাপন, মাৰ্কেট কেপ ৭.৩৪ লাখ কোটি টকা
মুম্বাই/নতুন দিল্লী, ২৬ জুলাই (হি.স.)। সপ্তাহটোৰ অন্তিম ব্যৱসায়িক দিন শুকুৰবাৰে ৰাজহুৱা খণ্ডৰ বীমা কোম্পানী ভাৰতীয় জীৱন বীমা নিগমৰ শ্বেয়াৰে জীৱনকালৰ অভিলেখ সৃষ্টি কৰি ১১৭৮.৬০ টকাত উপনীত হয়। ইয়াৰ লগে লগে এল আই চিৰ বজাৰ মূলধন (মাৰ্কেট কেপ) ৭.৩৪ লাখ
এল আই চি


মুম্বাই/নতুন দিল্লী, ২৬ জুলাই (হি.স.)। সপ্তাহটোৰ অন্তিম ব্যৱসায়িক দিন শুকুৰবাৰে ৰাজহুৱা খণ্ডৰ বীমা কোম্পানী ভাৰতীয় জীৱন বীমা নিগমৰ শ্বেয়াৰে জীৱনকালৰ অভিলেখ সৃষ্টি কৰি ১১৭৮.৬০ টকাত উপনীত হয়। ইয়াৰ লগে লগে এল আই চিৰ বজাৰ মূলধন (মাৰ্কেট কেপ) ৭.৩৪ লাখ কোটি টকা হৈছেগৈ।

বম্বে ষ্টক এক্সচেঞ্জ (বিএছই)ত ব্যৱসায়ৰ সময়ত এলআইচিৰ শ্বেয়াৰৰ মূল্য ১১৭৮.৬০ টকাৰ নতুন উচ্চতাত উপনীত হয়। ইয়াৰ পূৰ্বে ২০২৪ চনৰ ৯ ফেব্ৰুৱাৰীত কোম্পানীটোৰ ষ্টক সৰ্বকালৰ সৰ্বোচ্চ ১১৭৫ টকা প্ৰতি শ্বেয়াৰত আছিল। এই উৎকৃষ্ট প্ৰদৰ্শনৰ বাবে এই ষ্টকে চলিত বৰ্ষৰ আৰম্ভণিৰ পৰা ৩৮.৬১ শতাংশ ৰিটাৰ্ণ দিছে। এই সংখ্যা বেঞ্চমাৰ্ক সূচকাংক চেন্সেক্স আৰু নিফ্টীতকৈ বহু বেছি, যিয়ে ক্ৰমে ১১.২৪ শতাংশ আৰু ১২.৮৬ শতাংশ ৰিটাৰ্ণ দিছে।

শ্বেয়াৰ বজাৰত এল আইৰ শ্বেয়াৰ বৃদ্ধিৰ বাবে এল আই চি দেশৰ অষ্টম বৃহত্তম তালিকাভুক্ত কোম্পানী হিচাপে পৰিগণিত হৈছে। ইয়াৰ লগে লগে চৰকাৰে তালিকাভুক্ত পি এছ ইউ কোম্পানীসমূহৰ ভিতৰত ভাৰতীয় ষ্টেট বেংকৰ পিছতে দ্বিতীয় স্থান লাভ কৰিছে। বৰ্তমান বিএছই চেন্সেক্সত এলআইচিৰ শ্বেয়াৰ ১১৯১.০৫ত ট্ৰেণ্ড কৰি আছে আৰু ৩০.৫৫ পইণ্ট বা ২.৬৩ শতাংশ বৃদ্ধি পাইছে। মন কৰিবলগীয়া যে চলিত বিত্তীয় বৰ্ষ ২০২৪-২৫ৰ প্ৰথম ত্ৰৈমাসিকত (এপ্ৰিল-জুন) এল আই চিৰ নিকা লাভ আছিল ৯,৫৪৪ কোটি টকা, আনহাতে যোৱা বিত্তীয় বৰ্ষৰ একেটা ত্ৰৈমাসিকত কোম্পানীটোৱে লাভ কৰিছিল ৬৮৩ কোটি টকা।

হিন্দুস্থান সমাচাৰ/ প্ৰজেশ শংকৰ

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande