ভাৰত-নেপাল-বাংলাদেশৰ ত্ৰিপাক্ষিক বিদ্যুৎ শক্তি বাণিজ্য চুক্তিৰ কাৰ্যসূচী স্থগিত
কাঠমাণ্ডু, ২৬ জুলাই (হি.স.)। ভাৰতৰ জৰিয়তে বাংলাদেশক বিদ্যুৎ বিক্ৰীৰ বাবে নেপালৰ বাবে ২৮ জুলাইত ইয়াত অনুষ্ঠিত হ’বলগীয়া ত্ৰিৰাষ্ট্ৰীয় চুক্তিৰ কাৰ্যসূচী আপাততঃ পিছুৱাই দিয়া হৈছে। কিছুদিনৰ আগতে বাংলাদেশত সংঘটিত হোৱা ছাত্ৰ আন্দোলনৰ বাবে এই কাৰ্যসূচী
ত্ৰিপাক্ষিক বিদ্যুৎ শক্তি


কাঠমাণ্ডু, ২৬ জুলাই (হি.স.)। ভাৰতৰ জৰিয়তে বাংলাদেশক বিদ্যুৎ বিক্ৰীৰ বাবে নেপালৰ বাবে ২৮ জুলাইত ইয়াত অনুষ্ঠিত হ’বলগীয়া ত্ৰিৰাষ্ট্ৰীয় চুক্তিৰ কাৰ্যসূচী আপাততঃ পিছুৱাই দিয়া হৈছে। কিছুদিনৰ আগতে বাংলাদেশত সংঘটিত হোৱা ছাত্ৰ আন্দোলনৰ বাবে এই কাৰ্যসূচী তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ পিছুৱাই দিয়াৰ কথা সন্মত হৈছে।

শক্তি মন্ত্ৰালয়ৰ মুখপাত্ৰ নবীনৰাজ সিঙে কয় যে বাংলাদেশ চৰকাৰৰ পৰা লিখিত অনুৰোধ পোৱাৰ পিছত ২৮ জুলাইত কাঠমাণ্ডুত অনুষ্ঠিত হ’বলগীয়া ত্ৰিজাতিক চুক্তিৰ কাৰ্যসূচী পিছুৱাই দিয়া হৈছে। এই চুক্তিৰ বাবে ভাৰতৰ পৰা শক্তি মন্ত্ৰী মনোহৰ লাল আৰু বাংলাদেশৰ পৰা শক্তি বিভাগৰ ৰাজ্যিক মন্ত্ৰীৰ আগমনৰ কথা আছিল।

নেপালৰ পৰা বিদ্যুৎ ক্ৰয়ৰ বাবে বাংলাদেশ পক্ষৰ পৰা এক চুক্তিত উপনীত হৈছে। ভাৰতৰ মাজেৰে বাংলাদেশলৈ ৪০০ মেগাৱাট বিদ্যুৎ ৰপ্তানি কৰাৰ প্ৰস্তুতি সম্পূৰ্ণ কৰিছে নেপালে। এই চুক্তিৰ সন্দৰ্ভত ভাৰত চৰকাৰে নেপালৰ ঝাপা জিলাৰ পানীতংকিৰ পৰা পশ্চিম বংগৰ শিলিগুৰি হৈ বাংলাদেশৰ সীমান্তলৈ এটা নিৰ্দিষ্ট সংবহন লাইন নিৰ্মাণৰ বাবে সন্মতি প্ৰকাশ কৰিছে।

হিন্দুস্থান সমাচাৰ / পংকজ দাস

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande