বাংলাদেশৰ ক্ষমতাচ্য়ুত প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ বিৰুদ্ধে আন্তৰ্জাতিক অপৰাধ ন্যায়াধিকৰণৰ গ্ৰেপ্তাৰী পৰোৱানা জাৰি
ঢাকা, ১৭ অক্টোবৰ (হি.স.)। বাংলাদেশৰ ক্ষমতাচ্য়ুত প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ বিৰুদ্ধে আন্তৰ্জাতিক অপৰাধ ন্যায়াধিকৰণে গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰিছে। জুলাই আৰু আগষ্ট মাহত বৈষম্য বিৰোধী ছাত্ৰ প্ৰতিবাদৰ সময়ত শ্বেখ হাছিনা আৰু অন্য়ান্য়ৰ বিৰুদ্ধে গণহত্যাৰ
শ্বেখ হাছিনাৰ ওপৰত দমন। ফটো ইণ্টাৰনেট মিডিয়া


ঢাকা, ১৭ অক্টোবৰ (হি.স.)। বাংলাদেশৰ ক্ষমতাচ্য়ুত প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ বিৰুদ্ধে আন্তৰ্জাতিক অপৰাধ ন্যায়াধিকৰণে গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰিছে। জুলাই আৰু আগষ্ট মাহত বৈষম্য বিৰোধী ছাত্ৰ প্ৰতিবাদৰ সময়ত শ্বেখ হাছিনা আৰু অন্য়ান্য়ৰ বিৰুদ্ধে গণহত্যাৰ অভিযোগ উত্থাপন হৈছে।

ঢাকা ট্ৰিবিউন কাকতত প্ৰকাশ পোৱা তথ্য অনুসৰি ন্যায়িক প্ৰক্ৰিয়া আনুষ্ঠানিকভাৱে আৰম্ভ হোৱাৰ পিছত আজি ন্যায়াধিকৰণে গ্ৰেপ্তাৰৰ পৰোৱানা জাৰি কৰে। ন্যায়াধিকৰণৰ অধ্যক্ষ ন্যায়াধীশ এম ডি গোলাম মুৰ্তুজা মজুমদাৰৰ নেতৃত্বত থকা বিচাৰপীঠত পুৱা ১১:৩০ বজাৰ পৰা আৰম্ভ হয় কাৰ্য্যবিধি। ন্যায়াধিকৰণৰ বিচাৰ দলে হাছিনাকে ধৰি ৫০জন ব্যক্তিৰ বিৰুদ্ধে গ্ৰেপ্তাৰৰ পৰোৱানা জাৰি কৰিবলৈ অনুৰোধ জনায়।

এই আন্দোলন সম্পৰ্কীয় ৬০টাতকৈও অধিক অভিযোগ হাছিনা, তেওঁৰ আৱামী লীগ দল আৰু আন ১৪ জন মিত্ৰজোঁটৰ নেতা, সাংবাদিক আৰু আইন প্ৰয়োগকাৰী সংস্থাৰ প্ৰাক্তন শীৰ্ষ বিষয়াৰ বিৰুদ্ধে আন্তঃৰাষ্ট্ৰীয় অপৰাধ ন্যায়াধিকৰণত দাখিল কৰা হৈছে।

ইয়াৰ পূৰ্বে দেওবাৰে ন্যায়াধিকৰণৰ মুখ্য অভিযুক্ত অধিবক্তা তাজুল ইছলামে কয় যে এই সপ্তাহত জুলাই মাহত সংঘটিত হোৱা গণহত্যাৰ অভিযুক্তসকলৰ বিৰুদ্ধে গ্ৰেপ্তাৰৰ পৰোৱানা আৰু ভ্ৰমণ নিষেধাজ্ঞা বিচৰা হ’ব। হাছিনাকে ধৰি পলাতকসকলক ঘূৰাই অনাৰ বাবে ইন্টাৰপলৰ সহায় বিচৰা হ’ব বুলিও তেওঁ কৈছিল।

হিন্দুস্থান সমাচাৰ / অৰৱিন্দ


 rajesh pande