বাৰামুল্লা এনকাউণ্টাৰত দুটা সন্ত্ৰাসবাদী নিহত, আহত দুজন জোৱান
বাৰামুল্লা, ২৬ এপ্ৰিল (হি.স.)। জম্মু-কাশ্মীৰৰ বাৰামুল্লা জিলাৰ সোপোৰাৰ নৌপোৰা অঞ্চলত বৃহস্পতিবাৰে নি
সেনা


বাৰামুল্লা, ২৬ এপ্ৰিল (হি.স.)। জম্মু-কাশ্মীৰৰ বাৰামুল্লা জিলাৰ সোপোৰাৰ নৌপোৰা অঞ্চলত বৃহস্পতিবাৰে নিশাৰ পৰা আৰম্ভ হোৱা সন্ত্ৰাসবাদীৰ সৈতে হোৱা মুখামুখি সংঘৰ্ষত নিৰাপত্তা বাহিনীয়ে দুজন সন্ত্ৰাসবাদীক ধৰাশায়ী কৰে। এই এনকাউণ্টাৰত দুজন জোৱানো আহত হৈছে। এতিয়াও চলি আছে এই এনকাউণ্টাৰ। নিৰাপত্তাৰক্ষীৰ চক্ৰত আৰু বহু সন্ত্ৰাসবাদী আবদ্ধ হৈ আছে বুলি অনুমান কৰা হৈছে।

এজন সামৰিক বিষয়াৰ মতে, বৃহস্পতিবাৰে সন্ধিয়া জিলাখনৰ নৌপোৰা অঞ্চলত সন্ত্ৰাসবাদীৰ উপস্থিতিৰ তথ্য লাভ কৰে নিৰাপত্তা বাহিনীয়ে। এই তথ্য লাভ কৰাৰ পিছতে আৰক্ষী, সেনা আৰু চি আৰ পি এফ জোৱানসকলে মিলি তালাচী অভিযান আৰম্ভ কৰে। ইয়াৰ মাজতে সন্ত্ৰাসবাদীয়ে নিৰাপত্তাৰক্ষীৰ ওপৰত গুলীচালনা আৰম্ভ কৰে, তাৰ পিছতে আৰম্ভ হয় এনকাউণ্টাৰ।

বৃহস্পতিবাৰে নিশা আন্ধাৰৰ বাবে এই এনকাউণ্টাৰ বন্ধ হৈ পৰে। শুকুৰবাৰে পুৱা হোৱাৰ লগে লগে দুয়োফালৰ পৰা আকৌ এবাৰ গুলীচালনা আৰম্ভ হ’ল। এই পৰ্যন্ত নিৰাপত্তা বাহিনীয়ে দুজন সন্ত্ৰাসবাদীক নিহত কৰাৰ বিপৰীতে দুজন জোৱানো আহত হৈছে। নিৰাপত্তাৰক্ষীৰ বেহুত এতিয়াও অধিক সন্ত্ৰাসবাদী আবদ্ধ হৈ আছে বুলি অনুমান কৰা হৈছে।

হিন্দুস্থান সমাচাৰ/বলৱান/মনোজ/অৰবিন্দ


 rajesh pande