তেজপুৰৰ মহাভৈৰৱ মন্দিৰত সোণোৱালৰ পূজাঃ তৃতীয় বাৰলৈ দেশৰ প্ৰধানমন্ত্ৰী হ'ব মোদী
শোণিতপুৰ, ০৬ মে’ (হি স)। “ তৃতীয়টো কাৰ্যকালৰ বাবে দেশৰ প্ৰধানমন্ত্ৰী হ’ব নৰেন্দ্ৰ মোদী৷” –আজি তেজপুৰ
তেজপুৰত


তেজপুৰত


শোণিতপুৰ, ০৬ মে’ (হি স)। “ তৃতীয়টো কাৰ্যকালৰ বাবে দেশৰ প্ৰধানমন্ত্ৰী হ’ব নৰেন্দ্ৰ মোদী৷” –আজি তেজপুৰত এই মন্তব্য কৰে কেন্দ্ৰীয় মন্ত্ৰী তথা ডিব্ৰুগড় লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী সৰ্বানন্দ সোণোৱালে৷

উল্লেখযোগ্য যে,আজি পুৱা তেজপুৰৰ ঐতিহ্যমণ্ডিত মহাভৈৰৱ দেৱালয়ত দেশৰ কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালে পূজা অৰ্চনা কৰে ৷ আজি সোণোৱালে গুৱাহাটীৰ পৰা ডিব্ৰুগড় অভিমুখে যাত্ৰা কৰাৰ কালত তেজপুৰৰ মহাভৈৰৱ মন্দিৰত উপস্থিত হৈ দেৱাদিদেৱ মহাদেৱৰ পূজা অৰ্চনা কৰে ৷ দলৰ লগতে সকলোৰে মংগল কামনা কৰি মহাদেৱৰ আশীৰ্বাদ গ্ৰহণ কৰা বুলি সদৰি কৰা সোণোৱালে সংবাদমাধ্যমৰ আগত দেশৰ বৰ্তমানৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী পুনৰ বাৰ প্ৰধানমন্ত্ৰী হ’ব বুলি মন্তব্য কৰি কংগ্ৰেছক কঠোৰ সমালোচনা কৰে ৷

তেওঁ কয় যে, কংগ্ৰেছৰ ৬০বছৰীয়া শাসন কালৰ বিষয়ে সৰ্বসাধাৰণে বহু পৰীক্ষা নিৰীক্ষা কৰাৰ লগতে সেই সময়ৰ দুৰ্নীতি ভ্ৰষ্টাচাৰৰ বিপৰীতে বিজেপিৰ ১০বছৰীয়া শাসনত দেশৰ উন্নতি ৰাইজে মন কৰিছে ৷ বিজেপিৰ শাসন কালত দুৰ্নীতিমুক্ত আৰু শক্তিশালী শাসন ব্যৱস্থা, ৰাস্তাঘাটকে ধৰি বিভিন্ন উন্নয়নমূলক আঁচনিৰ বিষয়ে জনসাধাৰণে বিছাৰ কৰি মোদীক পুনৰ দেশৰ প্ৰধানমন্ত্ৰী হিচাপে আন্তৰিকতাৰে বিচৰা বুলিও কয় সোণোৱালে ৷ তেওঁ লগতে কয় যে, মোদী প্ৰধানমন্ত্ৰী হ’লেহে দেশ শক্তিশালী হোৱাৰ লগতে সৰ্বসাধাৰণে মৰ্যাদা সহকাৰে বাস কৰিব পাৰিব ৷

এইবাৰ বিজেপিয়ে দাবী কৰাৰ দৰে চাৰিশ আশন লাভ কৰিবলৈ নিশ্চিতভাৱে সক্ষম হ’ব বুলিও সোণোৱালে মন্তব্য কৰে ৷ শেহতীয়াকৈ বিজেপিৰ জ্যেষ্ঠ নেতা ৰাজেন গোহাঁয়ে কৰা মন্তব্য সন্দৰ্ভত সাংবাদিকে কৰা প্ৰশ্নৰ উত্তৰত কয় যে জ্যেষ্ঠ কণীষ্ঠ সকলোৱে মিলি কাম কৰিব লাগিব ৷ দেশক শক্তিশালী হিচাপে গঢ়িবলৈ সকলোৱে একেলগে কাম কৰাৰ কথা দোহাৰি তেওঁ কয় “দলত মোতকৈ জ্যেষ্ঠ বহু আছে আৰু আমি সকলোৱে একত্ৰিত হৈ কাম কৰিব লাগিব ৷ ”

সোণোৱালে প্ৰসংগক্ৰমে কয় যে, প্ৰধানমন্ত্ৰী মোদীয়ে সবকা সাথ, সবকা বিকাশ নীতিৰে সকলোৰে সৰ্বাংগীণ উন্নতিৰ বাবে কাম কৰি গৈছে আৰু দেশৰ ১৪০ কোটি ৮৪ লাখ লোকক একত্ৰিত কৰিবলৈ সক্ষম হৈছে ৷ সোণোৱালে পুনৰ কয় যে কংগ্ৰেছৰ শাসনকালত বিধ্বস্ত হোৱা দেশৰ অৰ্থনীতি মোদীৰ কাৰ্যকালত বিশ্বৰ পঞ্চম বৃহৎ অৰ্থনীতিলৈ পৰিৱৰ্তিত হৈছে আৰু আগন্তুক সময়ত দেশৰ অৰ্থনীতি বিশ্বৰ তৃতীয় বৃহৎ অৰ্থনীতিলৈ উন্নিত হ’ব বুলিও সোণোৱালে মন্তব্য কৰে৷

হিন্দুস্থান সমাচাৰ/সমীৰ/মনোজ


 rajesh pande