নিৰ্মলা সীতাৰমণৰ ভোট দান, কলে- বিৰোধীৰ নাই নিজা কোনো ইছ্যু
বেংগালুৰু/নতুন দিল্লী, ২৬ এপ্ৰিল (হি.স.)। শুকুৰবাৰে বেংগালুৰুৰ ভোটগ্ৰহণ কেন্দ্ৰত কেন্দ্ৰীয় বিত্তমন্
সীতাৰমণ


বেংগালুৰু/নতুন দিল্লী, ২৬ এপ্ৰিল (হি.স.)। শুকুৰবাৰে বেংগালুৰুৰ ভোটগ্ৰহণ কেন্দ্ৰত কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে ভোটদান কৰে। সীতাৰমনৰ লগতে দেউতাকেও ভোট দিছিল। দ্বিতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনত আজি কৰ্ণাটকৰ ১৪খন আসনত ভোটগ্ৰহণ কৰা হৈছে।

বিত্তমন্ত্ৰীৰ কাৰ্যালয়ে ‘এক্স’ পোষ্টত প্ৰকাশ কৰা এক বিবৃতিত কয় যে সীতাৰমণে কৰ্ণাটকৰ ৰাজধানী বেংগালুৰুৰ এটা ভোটগ্ৰহণ কেন্দ্ৰত পিতৃৰ সৈতে ভোটদান কৰাৰ পিছত ভোটাৰসকলক যিমান পাৰি সিমান ভোট দিবলৈ আহ্বান জনাইছে। বেংগালুৰুৰ জয়নগৰৰ ভোটগ্ৰহণ কেন্দ্ৰত ভোটাৰৰ সৈতেও মত বিনিময় কৰে বিত্তমন্ত্ৰীগৰাকীয়ে।

ভোটদানৰ পিছত সাংবাদিকসকলে সোধা প্ৰশ্নৰ উত্তৰ দি সীতাৰমণে কয় যে বিৰোধীৰ নিজা কোনো ইছ্যু নাই। তেওঁলোকৰ কোনো ইতিবাচক এজেণ্ডা নাই। সেইবাবেই তেওঁলোকে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক অহৰহ টাৰ্গেট কৰি আছে, ব্যক্তিগত আক্ৰমণ কৰিছে। তাতোকৈ বেয়া কথাটো হ'ল তেওঁলোকে এনে কিছু পদক্ষেপ লোৱাৰ কথা কৈ আছে যিটো তেওঁলোকে নিজে কাৰ্যকৰী কৰিব নোৱাৰে..!

হিন্দুস্থান সমাচাৰ/প্ৰজেশ/মনোজ


 rajesh pande