লোকসভা নিৰ্বাচনঃ অসমত দ্বিতীয় পৰ্যায়ত কাইলৈ শুকুৰবাৰে ভোটগ্ৰহণ, ৬১ গৰাকী প্ৰাৰ্থীৰ প্ৰতিদ্বন্দ্বিতা
গুৱাহাটী, ২৫ এপ্ৰিল (হি.স.)। চলিত ২০২৪ৰ লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ত অসমৰ ৫ টা সমষ্টিত কাইলৈ ২৬
ইভিএম


গুৱাহাটী, ২৫ এপ্ৰিল (হি.স.)। চলিত ২০২৪ৰ লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ত অসমৰ ৫ টা সমষ্টিত কাইলৈ ২৬ এপ্ৰিলত ভোটগ্ৰহণ অনুষ্ঠিত হ’ব । ইতিমধ্যেই অসমৰ ১৪ টা সমষ্টিৰ উজনি অসমৰ ৫ টা সমষ্টিত ১৯ এপ্ৰিলত প্ৰথম পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হৈ গৈছে । দ্বিতীয় পৰ্যায়ত কাইলৈ নগাঁও, কৰিমগঞ্জ, ডিফু, শিলচৰ আৰু দৰং-ওদালগুৰিত ভোটগ্ৰহণ কৰা হব। দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত এই ৫সমষ্টিৰ বাবে মুঠ ৬১গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। এই সমষ্টিসমূহত কাইলৈ পুৱা ৭বজাৰে পৰা বিয়লি ৫বজালৈকে অনুষ্ঠিত হ'ব ভোটগ্ৰহণ।

দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হ’বলগা দৰং-ওদালগুৰি সমষ্টিত মুঠ ১১ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছে। ৰঙিয়া, কমলপুৰ, তামুলপুৰ, গোৰেশ্বৰ, ভেৰগাঁও, ওদালগুৰি, মাজবাট, টংলা, ছিপাঝাৰ, মঙ্গলদৈ আৰু দলগাঁও সমষ্টিকে ধৰি মুঠ এই ১১টা সমষ্টিৰ মুঠ ২১, ৮৭, ১৬০গৰাকী ভোটাৰে তেওঁলোকৰ মনোমত প্ৰাৰ্থীগৰাকী চয়ন কৰিব। সমষ্টিটোত প্ৰতিদ্বন্দ্বিতা কৰা প্ৰাৰ্থী সকল হৈছে ক্ৰমে- দিলীপ শইকীয়া (বিজেপি), দুৰ্গাদাস বড়ো (বিপিএফ), মাধৱ ৰাজবংশী (কংগ্ৰেছ), অৰুণ বৰুৱা (ভাৰতীয় জৱান কিষাণ পাৰ্টি), আবুল কাচিম (ৰিপ্লাবিকান পাৰ্টি অৱ ইণ্ডিয়া), আব্দুল হামিদ (ৰাষ্ট্ৰীয় ওলেমা কাউন্সিল), জিতেন্দ্ৰ চলিহা (ছচিয়েল ইউনিটি চেন্টাৰ অৱ ইণ্ডিয়া) বীৰেন বাচাক (ভাৰতীয় গণ পৰিষদ) ললিত পেগু (ভোটাৰছ পাৰ্টি ইণ্টাৰনেচনেল), স্বৰ্ণ দেৱী (গণ সুৰক্ষা পাৰ্টি) আৰু ডেনিয়েল মাদ্ৰী (নিদৰ্লীয়)।

ডিফু সংসদীয় সমষ্টিত ৫গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। সমষ্টিটোৰ অন্তৰ্গত বোকাজান (ST), হাওৰাঘাট, ডিফু, ৰংখাং, আমৰি আৰু হাফলঙকে ধৰি ৬টা বিধনসভা সমষ্টিৰ মুঠ ভোটাৰৰ সংখ্যা হৈছে ৮, ৯৩, ০৫৮গৰাকী। প্ৰতিদ্বন্দ্বিতা কৰা ৫গৰাকী প্ৰাৰ্থী হৈছে ক্ৰমে অমৰসিং তিছু (বিজেপি), জয়ৰাম ইংলেং(কংগ্ৰেছ), জটচন বে (অটোনমাচ ষ্টেট ডিমাণ্ড কমিটি), জন বৰনাড চাংমা (গণ সুৰক্ষা পাৰ্টি) আৰু জে আই কাথাৰ (নিদৰ্লীয়)।

কৰিমগঞ্জ সংসদীয় সমষ্টিত সৰ্বাধিক ২৪গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছে। উত্তৰ কৰিমগঞ্জ, দক্ষিণ কৰিমগঞ্জ, পাথাৰকান্দি, ৰামকৃষ্ণ নগৰ,হাইলাকান্দি জিলা, হাইলাকান্দি আৰু আলগাপুৰ-কাটলিচেৰা সমষ্টিকে ধৰি মুঠ সাতোটা বিধানসভা সমষ্টিৰে গঠিত কৰিমগঞ্জ সংসদীয় সমষ্টি। সমষ্টিটোত মুঠ ভোটাৰৰ সংখ্যা হৈছে ১৪,১২,২৩৯ গৰাকী। কৰিমগঞ্জত প্ৰতিদ্বন্দ্বিতা কৰা প্ৰাৰ্থীসকলৰ ভিতৰত আছে ক্ৰমে-কৃপানাথ মাল্লা (বিজেপি), চাহাবুল ইছলাম চৌধুৰী (এ আই ইউ ডি এফ), হাফিজ ৰজিদ আহমেদ চৌধুৰী (কংগ্ৰেছ), এহেদ উদ্দিন (ৰাষ্ট্ৰীয় ওলেমা কাউন্সিল), দেৱাশীষ ঘোষ (বেংগলী নৱনিৰ্মাণ সেনা), প্ৰাজলউদ্দীপ দেৱ (ছচিয়েল ইউনিটী চেন্টাৰ অৱ ইণ্ডিয়া) আৰু

নিদৰ্লীয় প্ৰাৰ্থীসকলঃ-আব্দুছ সুবান তপদ্দাৰ, আব্দুল কালাম মজুমদাৰ,আব্দুল গফ্ফৰ তালুকদাৰ, আব্দুল বাচিট তপদ্দাৰ, আব্দুল হামিদ, আলিম উদ্দিন মজুমদাৰ, গোপাল চন্দ্ৰ পাল, জিবেজ দে, দিলীপ কুমাৰ, দেৱজ্যোতি নাথ, বিনয় কৃষ্ণ ৰয়, নজৰুল ইছলাম লস্কৰ, মুছাক্কিৰ হাছাল লস্কৰ, ৰকিবুল হুচেইন চৌধুৰী, ৰচিদ আহমেদ চৌধুৰী, ৰচিদ আহমেদ লস্কৰ, চাফিকুৰ ৰহমান হাজাৰী, চাহেল আহমেদ।

শিলচৰ সংসদীয় সমষ্টিত মুঠ ৮ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছে। সমষ্টিটোৰ অন্তৰ্গত ৭টা বিধানসভা সমষ্টি হৈছে ক্ৰমে শিলচৰ, সোণাই, ধলাই(এছচি), উধাৰবন্দ, লক্ষীপুৰ, বৰখলা আৰু কাটিগড়া। শিলচৰ সংসদীয় সমষ্টিত মুঠ ভোটাৰৰ সংখ্যা হৈছে ১৩,৬১,৪৯৬ গৰাকী। সমষ্টিটোত প্ৰতিদ্বন্দ্বিতা কৰা প্ৰাৰ্থীসকল হৈছে ক্ৰমে- পৰিমল শুক্লবৈদ্য (বিজেপি), সূৰ্যকান্ত সৰকাৰ (কংগ্ৰেছ), প্ৰভাস চন্দ্ৰ সৰকাৰ (ছচিয়েলিষ্ট ইউনিটী চেন্টাৰ অৱ ইণ্ডিয়া), বীৰেন্দ্ৰ কুমাৰ দাস (বেংগলী নৱনিৰ্মাণ কমিটী), ৰাজীৱ দাস (বহুজন মহা পাৰ্টি), ৰাধেশ্যাম বিশ্বাস (তৃণমূল কংগ্ৰেছ), অনন্ত মোহন ৰয় (নিদৰ্লীয়), ৰাজু দাস (নিদৰ্লীয়)।

নগাঁও সংসদীয় সমষ্টিত মুঠ ১৩গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। নগাঁও লোকসভাৰ অন্তৰ্গত বিধানসভা সমষ্টি ৮ টা হ’ল জাগীৰোড, লাহৰীঘাট, মৰিগাঁও , ধিং , ৰূপহীহাট, চামগুৰি, নগাঁও-বটদ্ৰবা আৰু ৰহা সমষ্টি (এছচি) ৷ সমষ্টিটোত মুঠ ভোটাৰৰ সংখ্যা হৈছে ১৮,০৪, ৪৭১ গৰাকী। নগাঁও সংসদীয় সমষ্টিত প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা প্ৰাৰ্থীসকল হৈছে ক্ৰমে- আমিনুল ইছলাম (এ আই ইউ ডি এফ), প্ৰদ্যুত বৰদলৈ (কংগ্ৰেছ), সুৰেশ বৰা (বিজেপি), অনুপম বৰুৱা (জয় প্ৰকাশ জনতা দল), চাইফুল ইছলাম চৌধুৰী (অসম জন মৰ্চা), ৰব্বুল হক (ৰাষ্ট্ৰীয় ওলেমা কাউন্সিল), শান্তনু মুৰ্খাজী ( ভাৰতীয় গণ পৰিষদ) আৰু নিৰ্দলীয় প্ৰাৰ্থী পাঁচগৰাকী হৈছে ক্ৰমে আবু ৰেইহান উদ্দিন, আবু চামা, চামচুল আলম, নিখিল ডেকাৰজা, বিপদ ভানজান সৰকাৰ আৰু শিখা শৰ্মা ।

উল্লেখ্য যে লোকসভা নির্বাচনৰ প্ৰথম পৰ্যায়ত ১৯ এপ্ৰিলত শোণিতপুৰ, যোৰহাট, ডিব্ৰুগড়, কাজিৰঙা আৰু লক্ষিমপুৰকে ধৰি অসমৰ ৫ টা সমষ্টিৰ বাবে ভোটগ্ৰহণ কৰা হয় । প্রথম পর্যায়ৰ ৫ টা সমষ্টিত মুঠ ৩৫ গৰাকী প্রার্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছে ।

হিন্দুস্থান সমাচাৰ/মনোজ/অৰবিন্দ


 rajesh pande