নতুন প্ৰযুক্তিয়ে আধুনিক যুদ্ধৰ সংজ্ঞা সলনি কৰিছে-সেনা প্ৰধান
- প্ৰযুক্তি আৰু প্ৰতিৰক্ষা উদ্যোগৰ পেছাদাৰীসকলে সামৰিক আধুনিকীকৰণৰ বিষয়ে আলোচনা - ভাৰতীয় প্ৰতিৰ
স্থলসেনাধ্যক্ষ


- প্ৰযুক্তি আৰু প্ৰতিৰক্ষা উদ্যোগৰ পেছাদাৰীসকলে সামৰিক আধুনিকীকৰণৰ বিষয়ে আলোচনা

- ভাৰতীয় প্ৰতিৰক্ষা খণ্ডৰ সামৰ্থ্য প্ৰদৰ্শনৰ বাবে আয়োজিত ভৱ্য গ্ৰেণ্ড প্ৰদৰ্শনী

নতুন দিল্লী, ২৫ এপ্ৰিল (হি.স.)। সেনা প্ৰধান জেনেৰেল মনোজ পাণ্ডেয়ে কয় যে প্ৰতিযোগিতাৰ নতুন কৌশলগত ক্ষেত্ৰ হিচাপে নতুন প্ৰযুক্তিৰ উন্মেষ ঘটাৰ লগে লগে আধুনিক যুদ্ধৰ সংজ্ঞা সলনি হৈছে। শেহতীয়া সংঘাতৰ উদাহৰণ দি তেওঁ কয় যে বিঘ্নিতকাৰী আৰু দ্বৈত ব্যৱহাৰৰ প্ৰযুক্তি অভূতপূৰ্ব স্তৰত বৃদ্ধি পাইছে। সেনাধ্যক্ষ মুৰব্বীগৰাকীয়ে ভাৰতীয় সেনাবাহিনীৰ প্ৰযুক্তি সক্ষম ভৱিষ্যতৰ প্ৰস্তুত বাহিনীক ৰূপান্তৰিত কৰাৰ দিশত নিজৰ প্ৰচেষ্টা অব্যাহত ৰখাৰ প্ৰতিশ্ৰুতি পুনৰবাৰ উল্লেখ কৰে।

সেনা প্ৰধান জেনেৰেল পাণ্ডেই চেণ্টাৰ ফৰ লেণ্ড ৱাৰফেয়াৰ ষ্টাডিজ (চিএলএডব্লিউএছ)ৰ হৈ মানেক্সা চেণ্টাৰত ‘প্ৰযুক্তিগত অন্তৰ্ভুক্তি বছৰ, সৈনিকৰ সবলীকৰণ’ শীৰ্ষক আলোচনা চক্ৰত ভাষণ দি আছিল। এই অনুষ্ঠানত প্ৰযুক্তি বিশেষজ্ঞ আৰু প্ৰতিৰক্ষা উদ্যোগৰ পেছাদাৰীসকলে প্ৰতিৰক্ষা খণ্ডৰ বাবে কৃত্ৰিম বুদ্ধিমত্তা আৰু উন্নত হাৰ্ডৱেৰৰ দৰে আধুনিক প্ৰযুক্তি গ্ৰহণৰ বিষয়ে আলোচনা কৰিবলৈ এক মঞ্চ প্ৰদান কৰে। এই উপলক্ষে আয়োজন কৰা এই প্ৰদৰ্শনীত ভাৰতৰ প্ৰতিৰক্ষা খণ্ডৰ অগ্ৰগতি আৰু সামৰ্থ্য প্ৰদৰ্শন কৰা হয়।

এই আলোচনা চক্ৰ সহ প্ৰদৰ্শনী কাৰ্যসূচী আৰম্ভ হয় সেনা প্ৰধান জেনেৰেল মনোজ পাণ্ডেৰ উদ্বোধনী ভাষণেৰে। ইয়াৰ পিছতে মূল ভাষণ প্ৰদান কৰে অটল ইনোভেচন মিছন (এ আই এম, নিটি আয়োগ)ৰ মিছন ডাইৰেক্টৰ ড° চিন্তান বৈষ্ণৱে। সেনা প্ৰধান জেনেৰেল মনোজ পাণ্ডেই থলুৱা প্ৰযুক্তিবিদ্যাত আত্মনিৰ্ভৰশীলতা অৰ্জন কৰাৰ সমান্তৰালকৈ থলুৱা অস্ত্ৰৰে যুদ্ধ যুঁজ দিয়াৰ প্ৰয়োজনীয়তাৰ ওপৰত আলোকপাত কৰে। তেওঁ জোৰ দি কয় যে প্ৰযুক্তি এতিয়া ভূ-ৰাজনৈতিক শক্তিক পৰিচালিত কৰা প্ৰতিযোগিতাৰ এক নতুন কৌশলগত ক্ষেত্ৰ হিচাপে আত্মপ্ৰকাশ কৰিছে।

জেনেৰেল মনোজ পাণ্ডেই লগতে কয় যে তথ্যৰ পৰা আৰম্ভ কৰি যোগান শৃংখললৈকে বিভিন্ন খণ্ডক অস্ত্ৰৰে সজ্জিত কৰিবলৈ প্ৰযুক্তিৰ সহায় লোৱা হৈছে। শেহতীয়া সংঘাতৰ উদাহৰণ দি তেওঁ কয় যে বিঘ্নিতকাৰী আৰু দ্বৈত ব্যৱহাৰৰ প্ৰযুক্তি অভূতপূৰ্ব স্তৰত বৃদ্ধি পাইছে, যাৰ ফলত আধুনিক যুদ্ধৰ সংজ্ঞা সলনি হৈছে। সেনা প্ৰধানগৰাকীয়ে এই কথাও উল্লেখ কৰে যে ইলেক্ট্ৰনিক যুদ্ধই মাইক্ৰ’ ইলেক্ট্ৰনিকছ, ড্ৰ’ন, প্ৰিচিচন এটেক চিষ্টেম, ল’ইটাৰ মিউনিয়ন আৰু ষ্টাৰ-লিংক টাৰ্মিনেলকে ধৰি ডিজিটেল প্ৰযুক্তিক প্ৰত্যাহ্বান জনাইছে।

তেওঁ সকলো অংশীদাৰ, তিনিওটা সেৱা, প্ৰতিৰক্ষা উদ্যোগৰ অংশীদাৰ, ষ্টাৰ্ট-আপ, অনুসন্ধান আৰু বিকাশ প্ৰতিষ্ঠান, শিক্ষাবিদ আৰু নীতি নিৰ্ধাৰকসকলক তেওঁলোকৰ প্ৰচেষ্টাক একত্ৰিত কৰি এক সজীৱ ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা পৰিৱেশ ব্যৱস্থা গঢ়ি তুলিবলৈ আহ্বান জনায়। তিনিটা অধিবেশনত আয়োজন কৰা এই আলোচনা চক্ৰত প্ৰথম অধিবেশনত ‘সমসাময়িক প্ৰযুক্তি আৰু উদ্যোগৰ সামৰ্থ্য’ৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছিল। এই অধিবেশন পৰিচালনা কৰে সামৰ্থ্য বিকাশৰ সঞ্চালক প্ৰধান লেফটেনেণ্ট জেনেৰেল বিনীত গৌৰে। এই অধিবেশনত আই আই টি যোধপুৰৰ অধ্যাপক মায়ংক ভাটছ, ড° মন্দিৰা মজুমদাৰ, ৰাজীৱ মেহৰোত্ৰা, বৈভৱ গুপ্তা আৰু কৰ্ণেল কৰণদীপ সিঙে (অৱসৰপ্ৰাপ্ত) ভাৰতীয় প্ৰতিৰক্ষা উদ্যোগৰ উদীয়মান ভূমিকা সম্পৰ্কে বিশ্লেষণ কৰে।

‘সৈনিক সবলীকৰণ: আধুনিক প্ৰযুক্তিৰ জৰিয়তে প্ৰভাৱ বৃদ্ধি’ শীৰ্ষক বিষয়বস্তুৰ ওপৰত গুৰুত্ব আৰোপ কৰা দ্বিতীয়টো অধিবেশনৰ আঁত ধৰে লেফটেনেণ্ট জেনেৰেল সুব্ৰত সাহা (অৱসৰপ্ৰাপ্ত)য়ে। এই অধিবেশনত চিগনেল সঞ্চালকালয়ৰ মেজৰ জেনেৰেল সুনীল মেহৰোত্ৰা আৰু ডি আৰ ডি অ’ৰ এছ বি তানেজাই ভাৰতীয় সেনাৰ সামৰ্থ্য বৃদ্ধিৰ বাবে বৰ্তমান আৰু পৰৱৰ্তী প্ৰজন্মৰ প্ৰযুক্তিৰ লাভ উঠাব পৰা বিকল্পৰ ওপৰত নিজৰ মতামত ভাগ কৰে। এই অধিবেশনত স্থলজ ডমেইনৰ বাহিৰলৈ যোৱাৰ লক্ষ্যৰে বৰ্তমানৰ প্ৰেক্ষাপট আৰু ভৱিষ্যতৰ পৰিস্থিতিত মহাকাশ আৰু চাইবাৰ ডমেইনৰ ভূমিকাও বিশ্লেষণ কৰা হয়।

লেফটেনেণ্ট জেনেৰেল পি আৰ শংকৰে (অৱসৰপ্ৰাপ্ত) আঁত ধৰা অনুষ্ঠানটোৰ চূড়ান্ত অধিবেশনত ‘সৰ্বোচ্চ প্ৰযুক্তিৰ ফলপ্ৰসূতা আৰু সামৰিক প্ৰস্তুতি’ শীৰ্ষক বিষয়বস্তুৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়। ইয়াত বিশিষ্ট বক্তা আছিল লেফটেনেণ্ট জেনেৰেল ৰাজেশ পন্ত (অৱসৰপ্ৰাপ্ত), জিঅ’ জৰ্জ ফিলিপ, ডাঃ কে মোহনভেলু আৰু মেজৰ জেনেৰেল অজয় শৰ্মা। এই অধিবেশনত সৈন্যক সবলীকৰণৰ হাৰ্ডৱেৰ আৰু চফ্টৱেৰৰ বিকল্প, চাইবাৰস্পেচৰ সামৰিক প্ৰয়োগ, আধুনিক যুদ্ধক্ষেত্ৰত ড্ৰ’ন আৰু উপগ্ৰহৰ প্ৰভাৱ আদিৰ পৰা আৰম্ভ কৰি বহুতো বিকল্পৰ বিষয়ে আলোচনা কৰা হয়। কাৰ্যসূচীৰ সামৰণি পৰে লেফটেনেণ্ট জেনেৰেল তৰুণ কুমাৰ আইচ, ডেপুটি চিফ অৱ আৰ্মী ষ্টাফ (ষ্ট্ৰেটেজি)ৰ ভাষণেৰে। ভাৰতীয় সেনাৰ ৰূপান্তৰৰ আকৰ্ষণীয় প্ৰগতি পথৰ ওপৰত তেওঁ ইতিবাচক মতামত দাঙি ধৰে।

হিন্দুস্থান সমাচাৰ/সূৰ্য্য/মনোজ


 rajesh pande