প্ৰধানমন্ত্ৰী মোডী আৰু ৰাহুলৰ বক্তব্যক লৈ নিৰ্বাচন আয়োগে বিজেপি আৰু কংগ্ৰেছলৈ জাননী জাৰি
নতুন দিল্লী, ২৫ এপ্ৰিল (হি.স.)। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ আচৰণ বিধি
মোডী–ৰাহুল


নতুন দিল্লী, ২৫ এপ্ৰিল (হি.স.)। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ আচৰণ বিধি উলংঘাৰ অভিযোগৰ ভিত্তিত পদক্ষেপ গ্ৰহণ কৰি নিৰ্বাচন আয়োগে ক্ৰমে ভাৰতীয় জনতা পাৰ্টি আৰু কংগ্ৰেছলৈ জাননী জাৰি কৰিছে। আয়োগে কয় যে তাৰকা প্ৰচাৰক হিচাপে নেতাসকলৰ কেৱল নিজৰ দায়িত্বই নহয় দলৰ দায়িত্বও আছে।

নিৰ্বাচন আয়োগে দুয়োটা দলৰ সভাপতি বিজেপিৰ জে পি নড্ডা আৰু কংগ্ৰেছৰ মল্লিকাৰ্জুন খৰ্গেলৈ জাননী জাৰি কৰি ২৯ এপ্ৰিলৰ ভিতৰত তেওঁলোকৰ তাৰকা প্ৰচাৰকসকলৰ বক্তব্য সন্দৰ্ভত স্পষ্টীকৰণ বিচাৰিছে। লগতে অভিযোগৰ প্ৰতিলিপি প্ৰেৰণ কৰে। আয়োগে দুয়োটা দলৰ সভাপতিসকলক নিজৰ তাৰকা প্ৰচাৰকসকলক আৰ্হি আচৰণ বিধিৰ ওপৰত ধ্যান কৰিবলৈ নিৰ্দেশ দিছে।

উল্লেখযোগ্য যে যোৱা ২১ এপ্ৰিলত প্ৰধানমন্ত্ৰীয়ে বান্সৱাৰাত এক বিবৃতি দিছিল। ইয়াত তেওঁ কৈছিল যে ৰাইজে উপাৰ্জন কৰা ধন অনুপ্ৰৱেশকাৰীক দিয়া হ’ব। আনহাতে, কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে কেৰালাৰ কোট্টায়মত কৈছিল যে বিজেপিয়ে এখন দেশ, এটা ভাষা আৰু এটা ধৰ্মৰ কথা কৈছে।

হিন্দুস্থান সমাচাৰ/ অনুপ/মনোজ


 rajesh pande