ৰাছিয়াৰ সমকক্ষৰ সৈতে দ্বিপাক্ষিক সহযোগিতাৰ পৰ্যালোচনা অজিত ডোভালৰ
মস্কো, ২৫ এপ্ৰিল (হি.স.)। ভাৰতৰ ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভালে বুধবাৰে ৰাছিয়াৰ ৰাষ্ট্ৰীয
ডোভাল


মস্কো, ২৫ এপ্ৰিল (হি.স.)। ভাৰতৰ ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভালে বুধবাৰে ৰাছিয়াৰ ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা নিকোলাই পাত্ৰুশ্বেভৰ সৈতে দ্বিপাক্ষিক সহযোগিতাৰ ক্ষেত্ৰত চলি থকা অগ্ৰগতিৰ পৰ্যালোচনা কৰে। লগতে পাৰস্পৰিক স্বাৰ্থৰ গুৰুত্বপূৰ্ণ বিষয়সমূহৰ ওপৰত আলোচনা কৰা হয়। এই মাহত পাত্ৰুশ্বেভৰ সৈতে ড’ভালৰ এইখন দ্বিতীয়খন বৈঠক।

মস্কোত থকা ভাৰতীয় দূতাবাসে ‘এক্স’ত এটা পোষ্টত প্ৰকাশ কৰিছে যে চেণ্ট পিটাৰ্ছবাৰ্গত নিৰাপত্তা বিষয়ৰ দায়বদ্ধ উচ্চ বিষয়াসকলৰ দ্বাদশ আন্তঃৰাষ্ট্ৰীয় বৈঠকৰ আঁৰত ড’ভালে পাত্ৰুশ্বেভৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হৈছিল। পোষ্টটোত কোৱা হৈছে, ‘দুয়োপক্ষই দ্বিপাক্ষিক সহযোগিতাৰ অগ্ৰগতি পৰ্যালোচনা কৰি পাৰস্পৰিক স্বাৰ্থৰ গুৰুত্বপূৰ্ণ বিষয়সমূহৰ ওপৰত আলোচনা কৰে।

ড’ভালে ২২ মাৰ্চত মস্কোৰ ক্ৰকাছ চিটি হলত হোৱা বৰ্বৰ সন্ত্ৰাসবাদী আক্ৰমণক গৰিহণা দিছিল আৰু এই ভাবুকিৰ সৈতে মোকাবিলা কৰাৰ ক্ষেত্ৰত দ্বৈত মানদণ্ড এৰাই চলিবলৈ আহ্বান জনাইছিল। চলিত মাহৰ আৰম্ভণিতে আস্তানাত অনুষ্ঠিত হোৱা চাংহাই সহযোগিতা সংস্থা (এছচিও)ৰ সদস্য ৰাষ্ট্ৰৰ নিৰাপত্তা পৰিষদৰ সচিবসকলৰ ১৯ সংখ্যক বাৰ্ষিক বৈঠকৰ সময়তে ডোভালে পাত্ৰুশ্বেভক সাক্ষাৎ কৰিছিল।

হিন্দুস্থান সমাচাৰ/ অজিত/মনোজ


 rajesh pande