মিজোৰামত ৪ কোটি টকা মুল্যৰ অধিক হেৰ'ইন জব্দ,সৰবৰাহকাৰী দুজন গ্ৰেপ্তাৰ
আইজল,০৪ মে (হি.স.)। মিজোৰামত বুজন পৰিমাণৰ হেৰ'ইন জব্দ কৰা হৈছে। অসম ৰাইফলছ,বিশেষ নাৰ্কোটিক আৰক্ষী আৰ
মিজোৰামত ৪ কোটি টকা মুল্যৰ অধিক হেৰ'ইন জব্দ,সৰবৰাহকাৰী দুজন গ্ৰেপ্তাৰ


আইজল,০৪ মে (হি.স.)। মিজোৰামত বুজন পৰিমাণৰ হেৰ'ইন জব্দ কৰা হৈছে। অসম ৰাইফলছ,বিশেষ নাৰ্কোটিক আৰক্ষী আৰু 'চিআইডি' য়ে যুটীয়া অভিযান চলাই জব্দ কৰিছে চাৰি কোটি টকাতকৈ অধিক মুল্যৰ হেৰ'ইন। আইজলৰ ফকলেণ্ড কেণ্টিন ৰোডত অভিযান চলাই ৫০টা হেৰ'ইন ভৰ্তি চাবোনৰ বাকচ জব্দ কৰে। বাকচ কেইটাৰ পৰা মুঠ ৫৯৮ গ্ৰাম হেৰʼইন জব্দ কৰা হয়।

অসম ৰাইফলছৰ এক সুত্ৰই জানিবলৈ দিয়া অনুসৰি ,জব্দকৰা হেৰ'ইনৰ আন্তৰ্জাতিক বজাৰ মুল্য ৪ কোটি ১৮ লাখ,৬০ হাজাৰ টকা হব বুলি অনুমান কৰা হৈছে। নিষিদ্ধ হেৰ'ইন সৰবৰাহৰ অভিযোগত দুজন সৰবৰাহকাৰীক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে। ধৃত সৰবৰাহকাৰী দুজনক মিজোৰামৰ ছিয়াহা জিলাৰ বাহনেই আৰু মনিপুৰ চুৰাচান্দ পুৰ জিলাৰ থাঙলিয়ান জ'ন বুলি জানিব পৰা গৈছে।

হিন্দুস্থান সমাচাৰ/প্ৰকাশ/ৰমেন/আলোক.


 rajesh pande