সশস্ত্ৰ বাহিনীৰ বাবে প্ৰস্তুত কৰা হৈছে আটাইতকৈ লঘু থলুৱা বুলেট প্ৰুফ জেকেট
- চণ্ডীগড় পৰীক্ষাগাৰত পৰীক্ষাৰ সময়ত বিআইএছৰ মানদণ্ড পূৰণ - অভিযানৰ সময়ত পৰিধানযোগ্যতা আৰু আৰাম
বুলেট প্ৰুফ জেকেট


- চণ্ডীগড় পৰীক্ষাগাৰত পৰীক্ষাৰ সময়ত বিআইএছৰ মানদণ্ড পূৰণ

- অভিযানৰ সময়ত পৰিধানযোগ্যতা আৰু আৰাম বৃদ্ধি কৰে স্বদেশী জেকেট

নতুন দিল্লী, ২৪ এপ্ৰিল (হি.স.)। প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন বিভাগে সশস্ত্ৰ বাহিনীৰ বাবে আটাইতকৈ লঘু থলুৱা বুলেট প্ৰুফ জেকেট প্ৰস্তুত কৰিছে। কানপুৰত অৱস্থিত ডিফেন্স মেটেৰিয়েল এণ্ড ষ্ট’ৰছ ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্ট এষ্টাব্লিছমেণ্ট (ডি এম এছ আৰ ডি ই)ত ইয়াক প্ৰস্তুত কৰা হৈছে। শেহতীয়াকৈ এই বুলেট প্ৰুফ জেকেটটো চণ্ডীগড়ৰ লেবত পৰীক্ষা কৰা হৈছে, যিয়ে বিআইএছৰ সৰ্বোচ্চ ভাবুকি স্তৰ ৬ৰ মানদণ্ড সম্পূৰ্ণৰূপে পূৰণ কৰিছিল।

ডি আৰ ডি অ’ৰ টাৰ্মিনেল বেলিষ্টিক ৰিচাৰ্চ লেবৰেটৰী (টি বি আৰ এল), চণ্ডীগড়ত পৰীক্ষা কৰা ৭.৬২ x ৫৪ থলুৱা বুলেট প্ৰুফ জেকেটটো বি আই এছ ১৭০৫১ লেভেল ৬ মানদণ্ডৰ ওপৰত ভিত্তি কৰি নিৰ্মাণ কৰা হৈছে। গোলাবাৰুদৰ পৰা সুৰক্ষাৰ বাবে ইয়াক দেশৰ ভিতৰতে আটাইতকৈ লঘু বুলেট প্ৰুফ জেকেট বুলি অভিহিত কৰা হৈছে। শেহতীয়াকৈ এই বুলেট প্ৰুফ জেকেটটো বিআইএছ ১৭০৫১-২০১৮ অনুসৰি চণ্ডীগড়ৰ টিবিআৰএলত সফলতাৰে পৰীক্ষা কৰা হৈছে। এই জেকেটটো নতুন ডিজাইন পদ্ধতিৰ ওপৰত ভিত্তি কৰি তৈয়াৰ কৰা হৈছে, য’ত নতুন প্ৰক্ৰিয়াৰ লগতে উদ্ভাৱনীমূলক সামগ্ৰীও ব্যৱহাৰ কৰা হৈছে।

এই জেকেটৰ ফ্ৰন্ট হাৰ্ড আৰ্মৰ পেনেল (এইচএফি) আইচিডব্লিউ (ইন-জংচন উইথ)ৰ আৰু দুয়োটাতে ৭.৬২ আৰ এপিআই (স্নাইপাৰ ৰাউণ্ড)ৰ একাধিক হিট (৬ শ্বট) প্ৰতিৰোধ কৰিবলৈ আৰু সহ্য কৰিবলৈ সক্ষম। এৰগ’নমিকভাৱে ডিজাইন কৰা ফ্ৰন্ট এইচ এ পি পলিমাৰ বেকিঙৰ সৈতে একক চিৰামিক প্লেটৰ দ্বাৰা নিৰ্মিত, যিয়ে কাৰ্য্যৰ সময়ত পৰিধানযোগ্যতা আৰু আৰাম বৃদ্ধি কৰে। হাৰ্ড আৰ্মৰ পেনেল আৰু ষ্টেণ্ড এল’নৰ ক্ষেত্ৰফলৰ ঘনত্ব ক্ৰমে ৪০ কিলোগ্ৰাম/মিটাৰ আৰু ৪৩ কিলোগ্ৰাম/মিটাৰতকৈ কম।

প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন বিভাগৰ সচিব তথা ডি আৰ ডি অ’ৰ অধ্যক্ষ ড০ সমীৰ ভি কামাতে উচ্চতম পৰ্যায়ৰ ভাবুকি সুৰক্ষাৰ বাবে এই আটাইতকৈ লঘু বুলেট প্ৰুফ জেকেটটো সফলতাৰে প্ৰস্তুত কৰাৰ বাবে ডি এম এছ আৰ ডি ইক অভিনন্দন জনায়।

হিন্দুস্থান সমাচাৰ/সুনীত/মনোজ


 rajesh pande