প্ৰতিকূল বতৰৰ বাবে মুক্তিনাথ দৰ্শন কৰিব নোৱাৰিলে চিজেআই চন্দ্ৰচুড়, ভাৰতলৈ প্ৰত্যাৱৰ্তন
নতুন দিল্লী, ০৫ মে’ (হি স)। তিনিদিনীয়া নেপাল ভ্ৰমণলৈ যোৱা ভাৰতৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড়ে
 চিজেআই চন্দ্ৰচুড়


নতুন দিল্লী, ০৫ মে’ (হি স)। তিনিদিনীয়া নেপাল ভ্ৰমণলৈ যোৱা ভাৰতৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড়ে প্ৰতিকূল বতৰৰ বাবে মুক্তিনাথ ভ্ৰমণ তথা দৰ্শন কৰিব নোৱাৰিলে। তেওঁৰ এভাৰেষ্ট বেছ কেম্প ভ্ৰমণৰ পৰিকল্পনাও বাতিল কৰা হয়, তাৰ পিছত চি জে আই ভাৰতলৈ উভতি আহিছে।

নেপালৰ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ আমন্ত্ৰণত অহা ন্যায়াধীশ চন্দ্ৰচুড়ে আজি তৃতীয় দিনা পোখাৰা হৈ মুক্তিনাথ আৰু এভাৰেষ্ট বেছ কেম্প ভ্ৰমণ কৰাৰ কথা আছিল। উচ্চতম ন্যায়ালয়ৰ প্ৰধান ন্যায়াধীশ বিশ্বম্ভৰ শ্ৰেষ্ঠই কয় যে নেপাললৈ অহাৰ পিছত ভগৱান পশুপতিনাথ আৰু মুক্তিনাথ মন্দিৰ দৰ্শন কৰাটো চি জে আইৰ ব্যক্তিগত ইচ্ছা আছিল। পৰিয়ালসহ নেপাললৈ অহা ন্যায়াধীশ চন্দ্ৰচুড়ৰ মুক্তিনাথ দৰ্শনৰ বাবে তিনিখন হেলিকপ্টাৰ ষ্টেণ্ডবাইত ৰখা হৈছিল।

কাঠমাণ্ডুত থকা ভাৰতীয় দূতাবাসৰ মুখপাত্ৰ গীতাঞ্জলিয়ে কয় যে পোখাৰাত থকা ভাৰতীয় সেনাৰ পেঞ্চন কেম্প কাৰ্যালয়ৰ পৰা তেওঁৰ পৰিয়ালে প্ৰথমে মুক্তিনাথ দৰ্শন কৰাৰ লগতে উভতি অহাৰ সময়ত এভাৰেষ্ট বেছ কেম্পলৈ যোৱাৰ পৰিকল্পনা কৰা হৈছিল। পিছে যোৱা নিশাৰ পৰা বতৰৰ বিধিপথালিৰ বাবে মুক্তিনাথ আৰু এভাৰেষ্ট বেছ কেম্পলৈ যোৱা বিমান পথৰ অৱনতিৰ হোৱাত চি জে আইৰ ভ্ৰমণ বাতিল কৰা হয়। ইয়াৰ পিছত তেওঁ পৰিয়ালসহ ভাৰতলৈ উভতি আহে।

হিন্দুস্থান সমাচাৰ/পংকজ/মনোজ


 rajesh pande