'দো ঔৰ দো প্যাৰ' ছবিখনৰ আয় বৃদ্ধি, দ্বিতীয় দিনা ৮৫ লাখ টকা উপাৰ্জন
বিগত কেইবাদিনো ধৰি বিদ্যা বালানৰ ছবি ‘দো ঔৰ দো প্যাৰ’ক লৈ ব্যাপক চৰ্চা চলি আহিছে। এই ছবিখন ১৯ এপ্ৰিল
‘দো ঔৰ দো প্যাৰ’


বিগত কেইবাদিনো ধৰি বিদ্যা বালানৰ ছবি ‘দো ঔৰ দো প্যাৰ’ক লৈ ব্যাপক চৰ্চা চলি আহিছে। এই ছবিখন ১৯ এপ্ৰিলত ছবিগৃহত মুক্তি লাভ কৰিছে। বিবাহ বহিৰ্ভূত প্ৰেমৰ আধাৰত নিৰ্মিত ছবিখনে সমালোচকৰ ইতিবাচক সমালোচনা লাভ কৰিছে যদিও দৰ্শকৰ মিশ্ৰিত সঁহাৰি লাভ কৰে। এই ছবিখনৰ জৰিয়তে বহুদিনৰ মূৰত ৰূপালী পৰ্দালৈ ঘূৰি আহিছে বিদ্যা বালান।

ছবিখনৰ প্ৰযোজক সমীৰ নাইৰ, দীপক চেহগাল, তনুজ গাৰ্গ, অতুল কাছবেকাৰ আৰু স্বাতী আয়েৰ চাওলাৰ। শিৰ্ষা গুহা ঠাকুৰতাৰ পৰিচালনাত নিৰ্মিত ‘দো আৰু দো প্যাৰ’ত মুখ্য চৰিত্ৰত অভিনয় কৰিছে বিদ্যা বালান, প্ৰতীক গান্ধী, ইলিয়ানা ডি ক্ৰুজ আৰু সেনথিল ৰামামূৰ্তি। ইণ্ডাষ্ট্ৰী ট্ৰেকাৰ ছাকানিলকৰ মতে, ‘দো আৰু দো প্যাৰ’ই প্ৰথম দিনাই ৫৫ লাখ টকা উপাৰ্জন কৰে। দ্বিতীয় দিনা অৰ্থাৎ শনিবাৰে ছবিখনে ৮৫ লাখ টকা উপাৰ্জন কৰে। এই ছবিখনৰ মুঠ সংগ্ৰহ হৈছে ১ কোটি ৪০ লাখ টকা। দেওবাৰে ছবিখনৰ উপাৰ্জন আৰু বৃদ্ধি পাব পাৰে।

হিন্দুস্থান সমাচাৰ/লোকেশ/মনোজ


 rajesh pande