সৰু পৰ্দাৰ অভিনেত্ৰী দিব্যাংকা ত্ৰিপাঠী দুৰ্ঘটনাত পতিত
টিভিত অভিনয়ৰে মন জয় কৰা অভিনেত্ৰী দিব্যাংকা ত্ৰিপাঠী এক দুৰ্ঘটনাত পতিত হৈছে। অভিনেত্ৰীগৰাকী লগত তেওঁ
 দিব্যাংকা ত্ৰিপাঠী


টিভিত অভিনয়ৰে মন জয় কৰা অভিনেত্ৰী দিব্যাংকা ত্ৰিপাঠী এক দুৰ্ঘটনাত পতিত হৈছে। অভিনেত্ৰীগৰাকী লগত তেওঁৰ স্বামী বিবেক দহিয়াও আছিল। তেওঁৰ সহযোগী দলটোৱে ছ’চিয়েল মিডিয়াৰ জৰিয়তে এই দুৰ্ঘটনাৰ বিষয়ে জনাইছে যে দিব্যাংকা চিকিৎসাধীন হৈ আছে।

দলটোৱে ইনষ্টাগ্ৰাম ষ্ট’ৰীত এটা পোষ্ট শ্বেয়াৰ কৰে। একেটা পোষ্টতে জানিব পৰা গৈছে যে অভিনেত্ৰী দিব্যাংকা ত্ৰিপাঠীয়ে দুৰ্ঘটনাৰ সন্মুখীন হৈছে আৰু বৰ্তমান চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। তেওঁৰ লাইভ বাতিল কৰা হৈছে কাৰণ বিবেক তেওঁৰ লগত হস্পিতালত আছে। অভিনেত্ৰীগৰাকীৰ সৈতে কেনেদৰে দুৰ্ঘটনা সংঘটিত হয় সেই সম্পৰ্কে বিশেষ তথ্য দিয়া হোৱা নাই।

দ্বিতীয় ভাগত দিব্যাংকাৰ বাহুৰ এক্স-ৰে শ্বেয়াৰ কৰা হৈছে। তাত লিখা আছে, “দিব্যাংকা মেমৰ হাতৰ দুটা হাড় ভাঙি গৈছে আৰু কাইলৈ অস্ত্ৰোপচাৰ কৰিব। তেওঁলোক নিৰাপদ হাতত থকাৰ তথ্য লাভ কৰা হৈছে।”

কিছুদিন পূৰ্বে দিব্যাংকাৰ লিগামেণ্টৰ অস্ত্ৰোপচাৰ হৈছিল। এই অস্ত্ৰোপচাৰৰ পিছত দিব্যাংকাই এটা ভিডিঅ’ শ্বেয়াৰ কৰিছিল। এই ভিডিঅ’টোত লিগামেণ্টৰ অস্ত্ৰোপচাৰৰ বিষয়ে, লিগামেণ্টৰ অস্ত্ৰোপচাৰ কেনেকৈ কৰা হৈছিল আৰু তাৰ পিছত কেনেকৈ সুস্থ হৈ উঠিছে সেই বিষয়ে তথ্য দিছিল। এতিয়া দিব্যাংকাৰ দুৰ্ঘটনাৰ পিছত অনুৰাগীয়ে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছে তেওঁৰ আশু আৰোগ্যৰ বাবে।

হিন্দুস্থান সমাচাৰ/লোকেশ/মনোজ


 rajesh pande