ইজৰাইলৰ আক্ৰমণত স্তম্ভিত ইৰাণ, পাৰমাণৱিক আক্ৰমণৰ প্ৰস্তুতি
তেহৰাণ, ১৯ এপ্ৰিল (হি.স.)। ইৰাণৰ সৈতে কিছুদিন পুৰণি হিচাপ পূৰণ কৰিবলৈ ইজৰাইলে বিমান আক্ৰমণ চলাইছে। ই
ইৰাণ


তেহৰাণ, ১৯ এপ্ৰিল (হি.স.)। ইৰাণৰ সৈতে কিছুদিন পুৰণি হিচাপ পূৰণ কৰিবলৈ ইজৰাইলে বিমান আক্ৰমণ চলাইছে। ইৰাণৰ বিমানবন্দৰত তীব্ৰ বিস্ফোৰণ সংঘটিত হৈছে। ইজৰাইলৰ মিছাইল আক্ৰমণত স্তম্ভিত হৈ পৰিছে ইৰাণ। তেওঁলোকে পাৰমাণৱিক আক্ৰমণৰ প্ৰস্তুতি আৰম্ভ কৰিছে। আমেৰিকাৰ শীৰ্ষ বিষয়াসকলৰ উদ্ধৃতি দি ইৰাণৰ ফাৰচ নিউজ এজেন্সীয়ে নিজৰ প্ৰতিবেদনত ইজৰাইলৰ আক্ৰমণৰ তথ্য প্ৰদান কৰিছে।

ইৰাণৰ ইছাফান চহৰৰ বিমানবন্দৰত বিস্ফোৰণৰ শব্দ শুনা গৈছে বুলি দাবী কৰিছে ফাৰচ নিউজ এজেন্সীয়ে। অৱশ্যে এই বিস্ফোৰণৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই। উল্লেখযোগ্য যে ইৰাণৰ বহু পাৰমাণৱিক ঘাটি ইছাফান প্ৰদেশত অৱস্থিত। ইয়াৰ ভিতৰত ইৰাণৰ ইউৰেনিয়াম সংবৰ্ধনৰ এক প্ৰধান কেন্দ্ৰও আছে। প্ৰতিবেদন অনুসৰি ইৰাণৰ আকাশমাৰ্গত বহু বিমানৰ পথ সলনি কৰা হৈছে। উল্লেখযোগ্য যে কিছুদিনৰ আগতে ইৰাণে ইজৰাইলৰ ওপৰত ৩০০ৰো অধিক ক্ষেপণাস্ত্ৰ আৰু ড্ৰ’নেৰে আক্ৰমণ কৰিছিল।

আচলতে ডামাস্কাছত থকা ইৰাণৰ দূতাবাসত আক্ৰমণ কৰা হৈছিল। এই আক্ৰমণত ইৰাণৰ সেনাৰ দুজন শীৰ্ষ সেনাধ্যক্ষকে ধৰি ৭ জন লোক নিহত হয়। ইৰাণে ইজৰাইলৰ বিৰুদ্ধে এই আক্ৰমণৰ অভিযোগ উত্থাপন কৰিছিল। এই আক্ৰমণৰ প্ৰত্যুত্ত জনাই ইৰাণে ইজৰাইলক আক্ৰমণ কৰে। লগতে ইজৰাইলে আক্ৰমণ কৰিলে অধিক শক্তিৰে প্ৰতিশোধ ল’ব বুলিও সকীয়াই দিয়ে।

ইৰাণ আৰু ইজৰাইলৰ মাজত উত্তেজনাৰ এই বিষয়টো ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদতো উত্থাপন হৈছে। ইৰাণৰ সেনাক সন্ত্ৰাসবাদী সংগঠন হিচাপে ঘোষণা কৰিবলৈ ইজৰাইলে দাবী জনাইছিল। এই বিষয়ে ইৰাণে আমেৰিকাক দুয়ো খন দেশৰ মাজত নাহিবলৈ কৈছিল। ৰাষ্ট্ৰসংঘৰ মহাসচিবে দুয়োখন দেশক শান্তি আৰু সংযমৰ সৈতে কাম কৰিবলৈ আহ্বান জনাইছিল। পশ্চিম এছিয়া আন এখন যুদ্ধৰ সন্মুখীন হ’ব পৰা অৱস্থাত নাই।

নিউয়ৰ্ক টাইমছে নিজৰ প্ৰতিবেদনত ইজৰাইলৰ দুজন প্ৰতিৰক্ষা বিষয়াৰ উদ্ধৃতি দি দাবী কৰিছে যে শুকুৰবাৰে পুৱাৰ ভাগত ইজৰাইল সেনাই ইৰাণক আক্ৰমণ কৰিছিল। পাঁচ দিন পূৰ্বে এই আক্ৰমণৰ প্ৰতি ইজৰাইলৰ প্ৰথম সামৰিক সঁহাৰি। ইৰাণৰ তিনিজন বিষয়াই নিশ্চিত কৰিছে যে শুকুৰবাৰে পুৱা ইৰাণৰ মধ্য ইছফান চহৰৰ ওচৰৰ সামৰিক বিমানঘাটিত এই আক্ৰমণ সংঘটিত হৈছে বুলি প্ৰতিবেদনত প্ৰকাশ পাইছে। কিন্তু কোনখন দেশে এই আক্ৰমণ সংঘটিত কৰিছে সেই কথা এই বিষয়াসকলে কোৱা নাই। ইছলামিক ৰিভল্যুচনেৰী গাৰ্ডছ কৰ্পছৰ সৈতে জড়িত ইৰাণৰ সংবাদ সংস্থা ফাৰচ নিউজে কয় যে চহৰখনৰ অসামৰিক বিমানবন্দৰৰ ওচৰত বিস্ফোৰণৰ শব্দ শুনা গৈছে। এই ঘটনা সন্দৰ্ভত আনুষ্ঠানিকভাৱে কোনো মন্তব্য দিবলৈ অস্বীকাৰ কৰিছে ইজৰাইলৰ সেনাই।

কৌশলগত বিশেষজ্ঞসকলৰ মতে ইৰাণ আৰু ইজৰাইলৰ আধিপত্যৰ যুদ্ধই সংঘাত বৃদ্ধি কৰিব। ফাৰচ নিউজ এজেন্সীয়ে জনোৱা মতে, বুধবাৰে ইৰাণৰ সেনা প্ৰধান মেজৰ জেনেৰেল আব্দুল ৰহিম মৌছাভিয়ে কয় যে আক্ৰমণ হ’লে দেশখন মৌন হৈ নাথাকিব। আল জাজিৰা নিউজ চেনেলৰ তথ্য অনুসৰি এই আক্ৰমণৰ পিছত ইৰাণৰ কেইবাখনো চহৰত বিমান সেৱা বন্ধ কৰি দিয়া হয়। ছিৰিয়া আৰু ইৰাকৰ পৰাও বিস্ফোৰণৰ খবৰ আহিছে। ইজৰাইলৰ এই আক্ৰমণত ইৰাণৰ ইছলামিক ৰিভল্যুচনেৰী গাৰ্ড কৰ্পছৰ দুজন জেনেৰেলকে ধৰি ১৩জন লোক নিহত হৈছে। ইৰানে তিনিখন ড্ৰ’ন ধ্বংস কৰা বুলি প্ৰকাশ কৰিছে।

ইফালে ইৰানে নিজৰ পাৰমাণৱিক নীতিৰ সংশোধনীৰ ইংগিত দিছে। পাৰমাণৱিক সুৰক্ষা আৰু নিৰাপত্তা বাহিনীৰ মুৰব্বী জেনেৰেল আহমদ হক তালাবে সকীয়াই দিছে যে ইৰাণৰ পাৰমাণৱিক কেন্দ্ৰসমূহৰ ওপৰত টেল আভিভে আক্ৰমণৰ সৃষ্টি হ’লে তেহৰানে নিজৰ পাৰমাণৱিক মতবাদ আৰু নীতি সলনি কৰিব পাৰে আৰু ইজৰাইলৰ পাৰমাণৱিক কেন্দ্ৰসমূহকো আক্ৰমণ কৰিব পাৰে। তেওঁ কয় যে তেহৰানে ইজৰাইলৰ সকলো পাৰমাণৱিক কেন্দ্ৰ চিনাক্ত কৰিছে। তেহৰাণ টাইমছৰ মতে, ইজৰাইলে “টিট ফৰ টেট” প্ৰতিশোধৰ সন্মুখীন হ’ব লাগিব বুলি সকীয়াই দিছিল তালাবে।

হিন্দুস্থান সমাচাৰ/মুকুন্দ/মনোজ


 rajesh pande