পাকিস্তানৰ পঞ্জাৱ প্ৰদেশত ঘেঁহু ক্ৰয়ৰ সংকটৰ মাজতে কৃষকৰ ওপৰত লাঠিচালনাৰ অভিযোগ, গ্ৰেপ্তাৰ ২০০ জন
লাহোৰ, ৩০ এপ্ৰিল (হি.স.)। পাকিস্তানৰ পঞ্জাৱ আৰক্ষীয়ে ঘেঁহু ক্ৰয়ৰ সংকটৰ মাজতে সোমবাৰে লাহোৰত প্ৰতিব
কৃষকৰ প্ৰতিবাদ


লাহোৰ, ৩০ এপ্ৰিল (হি.স.)। পাকিস্তানৰ পঞ্জাৱ আৰক্ষীয়ে ঘেঁহু ক্ৰয়ৰ সংকটৰ মাজতে সোমবাৰে লাহোৰত প্ৰতিবাদকাৰী কৃষকৰ ওপৰত লাঠীচালনা কৰাৰ লগতে ২০০ৰো অধিক কৃষকক গ্ৰেপ্তাৰ কৰে।

পঞ্জাৱ প্ৰদেশত ব্যাপক পৰিমাণৰ ঘেঁহু উৎপাদন হোৱাৰ পিছতে কৃষকসকলে অভিযোগ উত্থাপন কৰিছে যে প্ৰদেশখনৰ মৰিয়াম নৱাজ চৰকাৰে ঘেঁহু ক্ৰয় কৰা নাই আৰু আটা মিলসমূহে চৰকাৰে তেওঁলোকৰ শস্যৰ বাবে নিৰ্ধাৰণ কৰা সমৰ্থন মূল্যতকৈ কম হাৰ আগবঢ়াইছে।

‘কিছান ইত্তেহাদ’ৰ মুখপাত্ৰ মিয়ান উমেৰে জনোৱা মতে, সোমবাৰে লাহোৰৰ পঞ্জাৱ বিধানসভাৰ ফালে বৃহৎ সংখ্যক কৃষকে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ গৈ থকা অৱস্থাত মল ৰোডৰ জিপিঅ’ চ’কত আৰক্ষীৰ লোকে তেওঁলোকক আক্ৰমণ কৰি ২০০ৰো অধিক কৃষকক গ্ৰেপ্তাৰ কৰা হয়। তেওঁ কয় যে লাহোৰত তেওঁলোকক ছত্ৰভংগ দিবলৈ আৰক্ষীয়ে লাঠি চালনা কৰিছিল। গ্ৰেপ্তাৰ হোৱা কৃষকসকলৰ ভিতৰত কৃষক ব’ৰ্ড পঞ্জাৱৰ অধ্যক্ষ মিয়া আব্দুৰ ৰছিদো আছে ।

একে সময়তে পঞ্জাৱৰ তথ্য মন্ত্ৰী আজমা বুখাৰীয়ে কয় যে কৃষকৰ বিষয়টোক লৈ এটা ৰাজনৈতিক দলে (ইমৰাণৰ পাকিস্তান তেহৰিক-ই-ইনছাফ) ৰাজনীতি কৰি আছে। তেওঁ কয়, আমি এই বিষয়ত কাকো ৰাজনীতি কৰিবলৈ নিদিওঁ আৰু কৃষকৰ স্বাৰ্থ ৰক্ষা নকৰো।

হিন্দুস্থান সমাচাৰ/অজিত/মনোজ


 rajesh pande