দক্ষিণ চীনত ঘাইপথ ভাঙি কমেও ১৯ জন লোকৰ মৃত্যু
বেইজিং, ০১ মে’: দক্ষিণ চীনৰ গুৱাংডং প্ৰদেশত ঘাইপথৰ এটা অংশ ভাঙি পৰাত কমেও ১৯ জন লোকৰ মৃত্যু হৈছে। বু
ঘাইপথ ধ্বংস


বেইজিং, ০১ মে’: দক্ষিণ চীনৰ গুৱাংডং প্ৰদেশত ঘাইপথৰ এটা অংশ ভাঙি পৰাত কমেও ১৯ জন লোকৰ মৃত্যু হৈছে। বুধবাৰে চীনৰ সময় অনুসৰি পুৱতি নিশা প্ৰায় ২:১০ বজাত মেইঝৌ চহৰ আৰু ডাবু কাউন্টিৰ মাজৰ এছ-১২ ঘাইপথত ঘাইপথটোৰ ১৭.৯ মিটাৰ (৫৮.৭ ফুট) অংশ ভাঙি পৰে। সেই সময়ত ঘাইপথটোৰে বহু বাহন আহজাহ কৰি আছিল।

ইফালে গাড়ীৰ ভিতৰত আবদ্ধ হৈ পৰিছিল বহু লোক। আজি দিনৰ ১১.৪৫ বজালৈকে উদ্ধাৰ হৈছে ১৯টা মৃতদেহ। প্ৰায় ৩০ জন লোকক উদ্ধাৰ কৰি চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। আহত একাংশৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে।

হিন্দুস্থান সমাচাৰ/ৰাকেশ/মনোজ


 rajesh pande