ছলমান খানৰ ঘৰত গুলীচালনাৰ গোচৰত গ্ৰেপ্তাৰ আন এজন ব্যক্তি
১৪ এপ্ৰিলত বলীউডৰ অভিনেতা ছলমান খানৰ ঘৰ গেলাক্সি এপাৰ্টমেণ্টৰ বাহিৰত গুলীচালনা সংঘটিত হৈছিল। পুৱতি ন
আটক


১৪ এপ্ৰিলত বলীউডৰ অভিনেতা ছলমান খানৰ ঘৰ গেলাক্সি এপাৰ্টমেণ্টৰ বাহিৰত গুলীচালনা সংঘটিত হৈছিল। পুৱতি নিশা দুজন দুষ্কৃতিকাৰীয়ে বাইকত উঠি গেলাক্সি এপাৰ্টমেণ্টৰ ফালে পাঁচটা গুলী নিক্ষেপ কৰে। গুলীচালনাৰ ঘটনাত সকলোৱে স্তম্ভিত হৈ পৰিছে। মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ শ্বিণ্ডে ছলমান আৰু খান পৰিয়ালক আশ্বাস দিছে যে চৰকাৰ আপোনালোকৰ লগত আছে। এইদৰে এই বিষয়টোৱে নতুন ৰূপ লৈছে। হাৰিয়ানাৰ পৰা আটক কৰা হৈছে এজন সন্দেহজনক লোকক।

ছলমান খানৰ ঘৰৰ বাহিৰত গুলীচালনাৰ ঘটনাৰ পিছতো অব্যাহত আছে আৰক্ষীৰ পদক্ষেপ। দুজন অভিযুক্তক গ্ৰেপ্তাৰ কৰাৰ পিছত আৰু এজনক আটক কৰা হৈছে। এই গোচৰত যোৱা নিশা আৰক্ষীয়ে এজন সন্দেহযুক্ত লোকক গ্ৰেপ্তাৰ কৰে। আৰক্ষীৰ সূত্ৰ অনুসৰি এই ব্যক্তিজনে আগতে লৰেন্স বিষ্ণোই গেং আৰু গুলীচালনাৰ সংস্পৰ্শৰ কাম কৰিছিল। হাৰিয়ানাৰ পৰা এই ব্যক্তিজনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।

দেওবাৰে (১৪ এপ্ৰিল) বান্দ্ৰাৰ গেলাক্সি এপাৰ্টমেণ্টৰ বাহিৰত বলীউড অভিনেতা ছলমান খানৰ বাসগৃহৰ বাহিৰত গুলীচালনা কৰাৰ ঘটনা সংঘটিত হয়। ইয়াৰ ফলত চাৰিওফালৰ অঞ্চলত চাঞ্চল্য বিয়পি পৰে। এই গোচৰত আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ কৰি দুজন লোকক গ্ৰেপ্তাৰ কৰে। ধৃত অভিযুক্তৰ নাম হৈছে বিকি গুপ্তা (২৪) আৰু সাগৰ পাল (২১)। দুয়োকে ১০ দিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰা হয়। এতিয়া হাৰিয়ানাৰ পৰা আন এজন ব্যক্তিক গ্ৰেপ্তাৰ কৰাৰ পিছত এই গোচৰত কি হ’ব সেয়া হ’ব লক্ষ্যণীয় হৈ পৰিছে।

হিন্দুস্থান সমাচাৰ/লোকেশ/মনোজ


 rajesh pande