ইণ্ডোনেছিয়াৰ মাউণ্ট ৰুৱাঙত বিস্ফোৰণ, ছুনামীৰ ভাবুকি, লোকসকলক সেই অঞ্চল খালী কৰিবলৈ নিৰ্দেশ
জাকাৰ্টা, ১৮ এপ্ৰিল (হি.স.)। ইণ্ডোনেছিয়াৰ উত্তৰ চুলাৱেছিৰ ৰুৱাং পৰ্বতত হোৱা বিস্ফোৰণৰ পিছত ছুনামীৰ
ইণ্ডোনেছিয়া


জাকাৰ্টা, ১৮ এপ্ৰিল (হি.স.)। ইণ্ডোনেছিয়াৰ উত্তৰ চুলাৱেছিৰ ৰুৱাং পৰ্বতত হোৱা বিস্ফোৰণৰ পিছত ছুনামীৰ বিপদ বৃদ্ধি পাইছে। ইয়াৰ পৰিপ্ৰেক্ষিতত আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰটো তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ বন্ধ কৰিবলগীয়া হৈছিল। অঞ্চলটোত হাজাৰ হাজাৰ ফুট উচ্চতাত বিয়পি পৰিছে ক’লাধোৱা। বুধবাৰে কৰ্তৃপক্ষই চুনামীৰ সতৰ্কবাণী জাৰি কৰি ১১ হাজাৰৰো অধিক লোকক অঞ্চল এৰি যাবলৈ নিৰ্দেশ দিয়ে।

ইণ্ডোনেছিয়াৰ আগশাৰীৰ কাকত জাকাৰ্টা পোষ্টে প্ৰকাশ কৰা অনুসৰি বৃহস্পতিবাৰে কৰ্তৃপক্ষই জনোৱা মতে, কেইবাদিনো ৰুৱাং আগ্নেয়গিৰিৰ পৰা লাভা আৰু ছাই ওলাই যোৱাৰ পিছত ওচৰৰ অঞ্চলৰ পৰা শ শ লোকক উলিয়াই অনা হৈছে। এই কাৰণতে উত্তৰ চুলাৱেছিৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ বন্ধ কৰি দিয়া হৈছে।

বুধবাৰে উত্তৰ চুলাৱেছিৰ দুৰ্গম দ্বীপৰ আগ্নেয়গিৰিৰ পৰা হঠাতে লাভা ওলাই আহিবলৈ আৰম্ভ কৰে। অলপ সময়ৰ ভিতৰতে তিনি কিলোমিটাৰ (দুই মাইল) আকাশলৈ বিয়পি পৰিল এই ক’লা ধোৱা। আগ্নেয়গিৰিৰ ওপৰৰ আকাশত বিজুলীৰ চমক দেখা গৈছে। বিষয়াসকলৰ সতৰ্কবাণীৰ মাজতে ৮০০ৰো অধিক লোকক নিৰাপদে উলিয়াই আনিছে অঞ্চলটোৰ পৰা।

ইণ্ডোনেছিয়াৰ চেণ্টাৰ ফৰ ভলকেন’লজী এণ্ড জিঅ’ছায়েন্সিটিফিক ডিজাষ্টাৰ মিটিগেশ্যনে জনোৱা মতে, চুলাৱেছি দ্বীপৰ উত্তৰ পাৰৰ আগ্নেয়গিৰিটোত বিগত ২৪ ঘণ্টাত কমেও পাঁচটাকৈ বৃহৎ বিস্ফোৰণ ঘটিছে। আগ্নেয়গিৰিটোৰ এটা অংশ সাগৰত পৰি ১৮৭১ চনৰ বিস্ফোৰণৰ দৰে ছুনামীৰ সৃষ্টি হ’ব পাৰে বুলি বিষয়াসকল উদ্বিগ্ন হৈ পৰিছে। আগ্নেয়গিৰিটোৰ উত্তৰ-পূব দিশৰ টাগুলাণ্ডাং দ্বীপ পুনৰ ভাবুকিৰ সন্মুখীন হৈছে। দ্বীপটোৰ আশে-পাশে থকা বাসিন্দাসকলক স্থানান্তৰিত হ’বলৈ কোৱা হৈছে।

উল্লেখযোগ্য যে ইণ্ডোনেছিয়াত এনে আগ্নেয়গিৰিৰ কাৰ্যকলাপ সাধাৰণ। ই প্ৰশান্ত মহাসাগৰৰ চাৰিওফালে ঘোঁৰাৰ নালৰ আকৃতিৰ ভূমিকম্পীয় ফল্ট লাইনৰ কাষত অৱস্থিত। দেশখনৰ ২৭ কোটি মানুহৰ ভিতৰত ১২০টা সক্ৰিয় আগ্নেয়গিৰি আছে।

হিন্দুস্থান সমাচাৰ/মুকুন্দ/মনোজ


 rajesh pande