আফগানিস্তানত ২৪ ঘণ্টাৰ ভিতৰত দ্বিতীয়টো ভূমিকম্পৰ জোকাৰণি, তীব্ৰতা আছিল ৪.৬
কাবুল, ২৯ মাৰ্চ (হি.স.)। আফগানিস্তানত ২৪ ঘন্টাৰ ভিতৰত দ্বিতীয়বাৰৰ বাবে হোৱা ভূমিকম্পৰ ফলত কঁপি উঠি
ভূমিকম্পৰ জোকাৰণি


কাবুল, ২৯ মাৰ্চ (হি.স.)। আফগানিস্তানত ২৪ ঘন্টাৰ ভিতৰত দ্বিতীয়বাৰৰ বাবে হোৱা ভূমিকম্পৰ ফলত কঁপি উঠিল ভূমি। আজি (শুকুৰবাৰে) স্থানীয় সময় অনুসৰি পুৱা ৫:১১ বজাত অনুভূত হোৱা ভূমিকম্পৰ তীব্ৰতা ৰিখটাৰ স্কেলত ৪.৬ জোখা হৈছিল। এই তথ্য নতুন দিল্লীৰ ভাৰতীয় ৰাষ্ট্ৰীয় ভূমিকম্পবিজ্ঞান কেন্দ্ৰই দিছে। বৰ্তমান কোনো ধৰণৰ প্ৰাণ হেৰুওৱাৰ কোনো তথ্য নাই।

ভাৰতৰ ৰাষ্ট্ৰীয় ভূমিকম্পবিজ্ঞান কেন্দ্ৰই আফগানিস্তানত সংঘটিত শেহতীয়া ভূমিকম্পৰ সবিশেষ নিজৰ এক্স হেণ্ডেলত শ্বেয়াৰ কৰিছে। ইয়াৰ পূৰ্বে কালি (বৃহস্পতিবাৰ) পুৱা স্থানীয় সময় অনুসৰি পুৱা ৫:৪৪ বজাত ৪.২ ৰিখটাৰ স্কেলৰ ভূমিকম্প অনুভূচ হৈছিল। উল্লেখযোগ্য যে আফগানিস্তান ভূমিকম্পৰ দৃষ্টিৰে অতি সংবেদনশীল। যোৱা বছৰৰ অক্টোবৰ মাহত আফগানিস্তানত অহা ভূঁইকঁপে ব্যাপক বিধ্বংসী ৰূপ ধাৰণ কৰিছিল। ইয়াৰ তীব্ৰতা ৰিখটাৰ স্কেলত ৬.৩ জুখিছিল। এই ভূমিকম্পত চকুৰ পলকতে ২০৫৩ জনতকৈ অধিক লোকৰ মৃত্যু হৈছিল।

হিন্দুস্থান সমাচাৰ/মুকুন্দ/মনোজ


 rajesh pande