আফগানিস্তানত ভূমিকম্পৰ জোকাৰণি
কাবুল, ২৮ মাৰ্চ (হি.স.)। আফগানিস্তানত আজি (বৃহস্পতিবাৰ) স্থানীয় সময় অনুসৰি পুৱা ৫:৪৪ বজাত ৪.২ ৰিখট
আফগানিস্তান


কাবুল, ২৮ মাৰ্চ (হি.স.)। আফগানিস্তানত আজি (বৃহস্পতিবাৰ) স্থানীয় সময় অনুসৰি পুৱা ৫:৪৪ বজাত ৪.২ ৰিখটাৰ স্কেলৰ তীব্ৰতাৰ ভূমিকম্পৰ জোকাৰণি অনুভূত হয়। এই তথ্য নতুন দিল্লীৰ ভাৰতীয় ৰাষ্ট্ৰীয় ভূমিকম্পবিজ্ঞান কেন্দ্ৰই দিছে। বৰ্তমান কোনো ধৰণৰ প্ৰাণহানিৰ কোনো তথ্য পোৱা নাই।

ভাৰতৰ ৰাষ্ট্ৰীয় ভূমিকম্পবিজ্ঞান কেন্দ্ৰই আফগানিস্তানত সংঘটিত শেহতীয়া ভূমিকম্পৰ সবিশেষ নিজৰ এক্স হেণ্ডেলত শ্বেয়াৰ কৰিছে। উল্লেখযোগ্য যে আফগানিস্তান ভূমিকম্পৰ প্ৰতি অতি সংবেদনশীল। যোৱা বছৰৰ অক্টোবৰ মাহত আফগানিস্তানত অহা ভূঁইকঁপে ব্যাপক বিধ্বংসী ৰূপ ধাৰণ কৰিছে। ইয়াৰ তীব্ৰতা ৰিখটাৰ স্কেলত ৬.৩ জুখিছিল। এই ভূমিকম্পত চকুৰ পলকতে ২০৫৩ জনতকৈ অধিক লোকৰ মৃত্যু হৈছিল।

হিন্দুস্থান সমাচাৰ/মুকুন্দ/মনোজ


 rajesh pande