বাল্টিমোৰ দুৰ্ঘটনাত নিৰুদ্দেশ হোৱা ছয়জন লোকক মৃত ঘোষণা, অনুসন্ধান অভিযান অন্ত
-বাইডেনৰ শোক প্ৰকাশ ৱাশ্বিংটন, ২৭ মাৰ্চ (হি.স.)। আমেৰিকাৰ মেৰিলেণ্ডৰ বাল্টিমোৰত পাটাপস্কো নদীৰ ওপৰ
বাল্টিমোৰ দুৰ্ঘটনা


-বাইডেনৰ শোক প্ৰকাশ

ৱাশ্বিংটন, ২৭ মাৰ্চ (হি.স.)। আমেৰিকাৰ মেৰিলেণ্ডৰ বাল্টিমোৰত পাটাপস্কো নদীৰ ওপৰত ঐতিহাসিক ফ্ৰান্সিছ স্কট দলঙতএখন মালবাহী জাহাজে খুণ্ডা মাৰে। ইয়াৰ পিছত চকুৰ পলকতে দলংখন ভাঙি পৰিল। এই দুৰ্ঘটনাৰ সময়ত বহু লোক আৰু গাড়ী নদীত বাগৰি পৰে। এই সময়ছোৱাত নিৰুদ্দেশ হোৱা ছয়জন লোকক নদীত বিচৰা হয়। অৱশ্যে কোনো ধৰণৰ সন্ধান নোপোৱাৰ পিছত অৱশেষত তেওঁলোকক মৃত বুলি ধৰা হয়।

নিউয়ৰ্ক টাইমছৰ বাতৰি অনুসৰি আমেৰিকাৰ ক’ষ্ট গাৰ্ডে নিৰুদ্দেশ হোৱা ছয়জন লোকৰ অনুসন্ধান অন্ত পৰাৰ কথা ঘোষণা কৰিছে। ৰিয়াৰ এডমিৰেল শ্বেনন গিলৰেথে এই কথা নিশ্চিত কৰি কয় যে এতিয়া দুৰ্ঘটনাৰ পিছত নিৰুদ্দেশ হোৱা ছয়জন লোক জীয়াই থাকিব বুলি আশা কম।

মেৰিলেণ্ডৰ গৱৰ্ণৰ ৱেছ মূৰৰ মতে, দুৰ্ঘটনাৰ পূৰ্বে মালবাহী জাহাজখনৰ চালকেও সহায় বিচাৰিছিল। আশংকা কৰা হৈছে যে বৈদ্যুতিক সমস্যাৰ বাবে মালবাহী জাহাজখনে দলঙৰ সৈতে সংঘৰ্ষত লিপ্ত হ’ব পাৰে, যাৰ বাবেই এই দুৰ্ঘটনা সংঘটিত হৈছে।

এই দুৰ্ঘটনাক লৈ শোক প্ৰকাশ কৰিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনে। তেওঁ কয় যে এইটো এটা ভয়ংকৰ দুৰ্ঘটনা। এই দুৰ্ঘটনাত জড়িত সকলোৰে বাবে আমাৰ প্ৰাৰ্থনা। তেওঁ কয় যে দুৰ্ঘটনাৰ পিছত বাল্টিমোৰ বন্দৰত জাহাজৰ যাতায়ত পৰৱৰ্তী নিৰ্দেশ নোহোৱালৈকে বন্ধ কৰি দিয়া হৈছে।

হিন্দুস্থান সমাচাৰ/মুকুন্দ/মনোজ


 rajesh pande