পাকিস্তানৰ নৌসেনা ঘাটিত সন্ত্ৰাসবাদী আক্ৰমণ, এজন জোৱান আৰু চাৰিজন সন্ত্ৰাসবাদী নিহত
ৰাৱালপিণ্ডি, ২৬ মাৰ্চ (হি.স.)। পাকিস্তানৰ বেলুচিস্তানৰ তুৰবাট চহৰৰ নৌসেনা ঘাটি পিএনএছ ছিদ্দিকীত যোৱা
পাকিস্তান


ৰাৱালপিণ্ডি, ২৬ মাৰ্চ (হি.স.)। পাকিস্তানৰ বেলুচিস্তানৰ তুৰবাট চহৰৰ নৌসেনা ঘাটি পিএনএছ ছিদ্দিকীত যোৱা নিশা সন্ত্ৰাসবাদী আক্ৰমণ সংঘটিত হয়। এই গুলীচালনাৰ সময়ত এজন জোৱান নিহত হোৱাৰ বিপৰীতে আক্ৰমণৰ লগত জড়িত চাৰিজন সন্ত্ৰাসবাদীও ধৰাশায়ী হয়।

মঙলবাৰে আন্তঃসেৱা জনসংযোগৰ তৰফৰ পৰা এক বিবৃতিত এই তথ্য প্ৰদান কৰে। বিবৃতিটোত কোৱা হৈছে যে সশস্ত্ৰ বাহিনীৰ কাৰ্যকৰী সঁহাৰিয়ে বৃহৎ আক্ৰমণ বিফল কৰিলে। এই সময়তে ফ্ৰন্টিয়াৰ কৰ্পছৰ ২৪ বছৰীয়া জোৱান নোমান ফৰিদে প্ৰাণ হেৰুৱাইছিল। মুজাফ্ফৰগড়ৰ বাসিন্দা তেওঁ ফ্ৰন্টিয়াৰ কৰ্পছ বেলুচিস্তানত কৰ্মৰত আছিল। লগে লগে নৌসেনাক সহায় কৰিবলৈ আশে-পাশে থকা অঞ্চলত নিৰাপত্তা বাহিনী মোতায়েন কৰা হয়।

হিন্দুস্থান সমাচাৰ/মুকুন্দ/মনোজ


 rajesh pande