ৰাজস্থান ৰয়েলছৰ অধিনায়ক সঞ্জু ছেমছনক প্ৰশংসা ৰাইনা-পাঠানৰবিজয়সুচক ইনিংছৰে টি-২০ বিশ্বকাপৰ ভাৰতীয় দলত প্ৰৱেশৰ প্ৰথমটো খোজ
জয়পুৰ, ২৬ মাৰ্চ(হি.স.) । আই পি এলৰ প্ৰথমখন মেচতে চমকপ্ৰদ বেটিং কৰি দলক বিজয় দিয়া তথা মেন অব দ্যা মেচ
সঞ্জু ছেমছন


জয়পুৰ, ২৬ মাৰ্চ(হি.স.) । আই পি এলৰ প্ৰথমখন মেচতে চমকপ্ৰদ বেটিং কৰি দলক বিজয় দিয়া তথা মেন অব দ্যা মেচৰ সন্মান লাভ কৰা ৰাজস্থান ৰয়েলছৰ অধিনায়ক সঞ্জু ছেমছনক উচ্ছ প্ৰশংসা কৰিছে ভাৰতৰ দুই প্ৰাক্তন ক্ৰিকেটাৰ তথা টি-২০ ৰ বিশেষজ্ঞ বেটাৰ সুৰেশ ৰাইনা আৰু অলৰাউণ্ডাৰ ইৰফান পাঠানে৷ আসন্ন আইচিচি টি-২০ বিশ্বকাপত ছেমছনে ভাৰতীয় দলত উইকেটৰক্ষক বেটাৰ হিচাপে স্থান লাভৰ সম্ভাৱনাৰ কথাও চৰ্চিত হৈছে৷ কাৰণ আই পি এলৰ প্ৰদৰ্শনে ভাৰতীয় নিৰ্বাচকক টি-২০ বিশ্বকাপৰ দল বাছনি কৰাৰ সুযোগ দিব বুলি ইতিমধ্যে টীম ইণ্ডিয়াৰ মুখ্য প্ৰশিক্ষক ৰাহুল দ্ৰাৱিড়ে ব্যক্ত কৰিছে৷ ছেমছনৰ বিস্ফোৰক ইনিংছ তথা অসমৰ ৰিয়ান পৰাগৰ লগত কৰা ৯৩ ৰাণৰ যুটিটোৱে ক্ৰিকেটাৰগৰাকীক এইদিশত এটা খোজ আগুৱাই যোৱাত সহায় কৰিব৷

উল্লেখ্য যে ৰাজস্থান ৰয়েলছে জয়পুৰৰ ছাৱাই মানসিং ষ্টেডিয়ামত খেলা ছিজনৰ প্ৰথম মেচত লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ বিৰুদ্ধে ২০ ৰাণত জয়লাভ কৰি অভিযান আৰম্ভ কৰিছে৷ খেলখনত পোনতে বেটিং কৰি আই পি এলৰ প্ৰথম ছিজনৰ চেম্পিয়ন ৰাজস্থান ৰয়েলছে নিৰ্ধাৰিত ২০ অভাৰত অধিনায়ক সঞ্জু ছেমছনৰ অপৰাজিত ৮৩ আৰু অসমৰ ৰিয়ান পৰাগৰ ৪৩ ৰাণৰ সহায়ত চাৰি উইকেটত ১৯৩ ৰাণ কৰে৷ প্ৰত্যুত্তৰত লক্ষ্ণৌ লক্ষ্ণৌ ছুপাৰ জায়েন্টছ দলে নিৰ্ধাৰিত অভাৰত ছয় উইকেটত ১৭৩ ৰাণ কৰি পৰাজয় স্বীকাৰ কৰে৷

অহা পহিলা জুনৰ পৰা আমেৰিকা আৰু ৱেষ্ট ইণ্ডিজত আৰম্ভ হ’বলগীয়া আইচিচি টি-২০ বিশ্বকাপৰ বাবে ভাৰতৰ দলত উইকেটৰক্ষক বেটাৰৰ ভূমিকাত ছজন খেলুৱৈৰ মাজত প্ৰতিযোগিতা হ’ব৷ এইসময়ত আগবাঢ়ি আছে জিতেশ শৰ্মা৷ ২০২৩ চনৰ এদিনীয়া বিশ্বকাপৰ পিছত ভাৰতে খেলা এঘাৰ খন টি-২০ মেচৰ ভিতৰত ছখনেই খেলিছে জিতেশে৷ তিনিখনত খেলা ঈষান কিষানো দৌৰত আছে৷ আনহাতে, লোকেছ ৰাহুল, সঞ্জু ছেমছন, আঘাতৰ পাছত প্ৰত্যাৱৰ্তন কৰা ঋষভ পণ্ট আৰু ধ্ৰুৱ জুৰেলৰ আই পি এলৰ প্ৰদৰ্শন নিৰ্ণায়ক হ’ব৷

ভাৰতৰ প্ৰাক্তন অল ৰাউণ্ডাৰ ইৰফান পাঠানে মেচখনত ছেমছনে স্পিনাৰৰ বিৰুদ্ধে খেলা কৌশলক প্ৰশংসা কৰি ‘সঞ্জুই বেক ফুটত স্পিনাৰক খেলাটো বেটিঙৰ এটা মাষ্টাৰ ক্লাছ আছিল৷ সচাই অনবদ্য৷’ ইফালে, ভাৰতৰ প্ৰাক্তন ক্ৰিকেটাৰ সুৰেশ ৰাইনাই মিডল অভাৰত ছেমছনৰ হিটিং ক্ষমতাত আপ্লুত হৈ পৰা বুলি ব্যক্ত কৰে৷ ‘মই সঞ্জুৰ ইনিংছত এটা বিশেষ দিশ দেখিবলৈ পালো৷ বহুদিনৰ পিছত মিডল অভাৰৰ [জ্জ-১৫] সময়ত এজন বেটাৰৰ পৰা এনে আক্ৰমণাত্মক খেলাৰ সাক্ষী হলো৷ যেতিয়াই ছেমছনে সুযোগ পায় তেওঁ বিশুদ্ধ সোণৰ দৰে জিলিকি উঠে৷’ ৰাইনাই কয়৷

ইফালে, নিজৰ ইনিংছক লৈ ছেমছনে কয় যে ইনিংছৰ মাজত উইকেটত থাকিবলৈ তেওঁ ভাল পায়৷ আনহাতে, এইবাৰ দলৰ কম্বিনেচন সলনি হোৱাত তেওঁ নতুন ভূমিকা ল’ব লগা হৈছে৷ ‘কুমাৰ ছাংগাকাৰাই মোক কিছুমান পৰামৰ্শ দিছে আৰু মই দলৰ সফলতাৰ বাবে সেয়া অনুসৰণ কৰিছো৷ আই পি এলত খেলা দহ বছৰ হ’ল৷ কিছু অভিজ্ঞতা হোৱা বুলি দলে অনুভৱ কৰিছে আৰু ময়ো পৰিস্থিতি বুজি খেলিব লাগিব৷’ ছেমছনে ব্যক্ত কৰে৷ ইফালে, প্লেয়াৰ অৱ দ্য মেচৰ বঁটা লাভ কৰাৰ পিছত হৃদয়স্পৰ্শী বক্তব্য দি তেওঁ কয় আচলতে পেচাৰ সন্দীপ শৰ্মাকে মেচৰ শ্ৰেষ্ঠৰ ট্ৰফীটো দিব লাগে৷ সন্দীপ বিশ্বাসযোগ্য বলাৰ আৰু চাপত বলিং কৰি সফল হয়৷ ৰাজস্থানে মেচখন জয়ৰ কাৰণ সন্দিপৰ তিনি অভাৰৰ অনন্য বলিং বুলি অধিনায়কজনে ব্যক্ত কৰে৷

হিন্দুস্থান সমাচাৰ/মনোজ/অৰবিন্দ


 rajesh pande