কোটপুতলী, ৩১ ডিচেম্বৰ (হি.স.)। ৰাজস্থানৰ কোটপুতলীৰ কিৰাটপুৰাৰ বদিয়ালি কী ধনীত ৭০০ ফুট দ নলীনাদত পৰি যোৱা ৩ বছৰীয়া চেতনাক ৯ দিনৰ পাছতো উদ্ধাৰ কৰিব পৰা নগ’ল। ২৩ ডিচেম্বৰত খেলি থকাৰ সময়তে নলীনাদত পৰি চেতনা ১৫০ ফুট গভীৰতাত আবদ্ধ হৈ পৰে। উদ্ধাৰকাৰী দলটোৱে স্থানীয় জোগাৰেৰে শিশুটিক ৩০ ফুট পৰ্যন্ত টানিবলৈ সক্ষম হয় যদিও এতিয়ালৈকে ছোৱালীজনীক বচাবলৈ কৰা প্ৰচেষ্টা অসম্পূৰ্ণ হৈ আছে।
উদ্ধাৰ অভিযানৰ সময়ত এন ডি আৰ এফ আৰু এছ ডি আৰ এফৰ দলসমূহে বহু অসুবিধাৰ সন্মুখীন হৈছে। তীব্ৰ ঠাণ্ডা আৰু নূন্যতম উষ্ণতা ৭-৮ ডিগ্ৰীৰ মাজত কাম কৰাটো প্ৰত্যাহ্বানজনক হৈ পৰিছে। নিশা ঠাণ্ডা বাঢ়ি অহাৰ লগে লগে অপাৰেচনটো অধিক কঠিন হৈ পৰে। সোমবাৰে সন্ধিয়া এছ ডি আৰ এফৰ কমাণ্ডেণ্ট ৰাজীৱ ছিছ’দিয়াই শ্বাস-প্ৰশ্বাস পৰীক্ষা কৰিবলৈ নলীনাদত নামি আহি দেৱালৰ সিটো পাৰে জীৱনৰ চিন বিচাৰিবলৈ চেষ্টা কৰে। এই কৌশলৰ জৰিয়তে জীৱিত ব্যক্তিৰ উশাহৰ পৰা নিৰ্গত কাৰ্বন গেছ ধৰা পৰে। অৱশ্যে কোনো বিষয়াই চেতনাৰ অৱস্থা সন্দৰ্ভত স্পষ্ট তথ্য দিয়া নাই। ২৪ ডিচেম্বৰৰ সন্ধিয়াৰ পৰা ছোৱালীজনীৰ কোনো ধৰণৰ গতিবিধি দেখা পোৱা নাই। কেমেৰাৰ সহায়তো ছোৱালীজনীৰ অৱস্থা স্পষ্ট নহয়।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া