টকাৰ মূল্য হ্ৰাসক লৈ চৰকাৰৰ বিৰুদ্ধে সৰব জয়ৰাম ৰমেশ 
নতুন দিল্লী, ৩০ ডিচেম্বৰ (হি.স.)। মাৰ্কিন ডলাৰৰ বিপৰীতে ভাৰতীয় টকাৰ মূল্য হ্ৰাস পোৱাক লৈ চৰকাৰক আক্ৰমণ কৰিছে কংগ্ৰেছৰ সাংসদ জয়ৰাম ৰমেশে। সোমবাৰে তেওঁ ‘এক্স’ত এটা পোষ্টত লিখিছে যে তেতিয়াৰ গুজৰাটৰ মুখ্যমন্ত্ৰীয়ে ২০১৪ চনত ডলাৰৰ বিপৰীতে টকাৰ বিমুদ্ৰা
জয়ৰাম ৰমেশ


নতুন দিল্লী, ৩০ ডিচেম্বৰ (হি.স.)। মাৰ্কিন ডলাৰৰ বিপৰীতে ভাৰতীয় টকাৰ মূল্য হ্ৰাস পোৱাক লৈ চৰকাৰক আক্ৰমণ কৰিছে কংগ্ৰেছৰ সাংসদ জয়ৰাম ৰমেশে। সোমবাৰে তেওঁ ‘এক্স’ত এটা পোষ্টত লিখিছে যে তেতিয়াৰ গুজৰাটৰ মুখ্যমন্ত্ৰীয়ে ২০১৪ চনত ডলাৰৰ বিপৰীতে টকাৰ বিমুদ্ৰাকৰণৰ বিৰুদ্ধে তীব্ৰ প্ৰচাৰ চলাইছিল, আনকি ৰাজনৈতিক লাভালাভৰ বাবে প্ৰধানমন্ত্ৰী মনমোহন সিঙৰ ওপৰত ব্যক্তিগত আক্ৰমণো চলাইছিল।

কংগ্ৰেছ নেতা জয়ৰাম ৰমেশে নিজৰ পোষ্টত কয় যে ২০১৪ চনৰ ১৬ মে’ত প্ৰতি ডলাৰৰ মূল্য ৫৮.৫৮ টকাত বন্ধ হৈছিল। দহ বছৰৰ পাছত প্ৰতি ডলাৰত ৮৫.২৭ টকাৰ সৰ্বকালৰ সৰ্বনিম্ন স্তৰ স্পৰ্শ কৰিছে টকা। এই টকাই এছিয়াৰ ভিতৰতে আটাইতকৈ নিম্ন প্ৰদৰ্শন কৰা মুদ্ৰা হিচাপে গৌৰৱ অৰ্জন কৰিছে। তেওঁ আৰু লিখিছে যে মনত ৰাখিব যে এই সকলোবোৰ বিমুদ্ৰাকৰণ চৰকাৰ আৰু আৰ বি আইৰ প্ৰকৃত মুদ্ৰাৰ পেগ থকাৰ পিছতো হৈছে – যিটো প্ৰধানমন্ত্ৰীৰ প্ৰাক্তন মুখ্য অৰ্থনৈতিক উপদেষ্টাগৰাকীয়ে যোৱা কেইটামান সপ্তাহত আঙুলিয়াই দিছে।

তেওঁ আৰু লিখিছে যে আৰ বি আইয়ে আমাৰ বৈদেশিক মুদ্ৰাৰ মজুতৰ কোটি কোটি টকা টকা সুস্থিৰ কৰিবলৈ ব্যৱহাৰ কৰিছে, কিন্তু কোনো ফল পোৱা নাই। কিমান ধন ব্যৱহাৰ কৰা হৈছে? অজৈৱিক প্ৰধানমন্ত্ৰীগৰাকীৰ ওচৰত এতিয়া কোনো শব্দ নাই যদিও ২০১৩ চনৰ তেওঁৰ কথাবোৰ সোঁৱৰাই দিওঁ আহক “সংকট আহে, কিন্তু সংকটৰ সময়ত নেতৃত্ব যদি দিশহীন, আশাহীন হয়, তেন্তে সংকটটো অতি গুৰুতৰ হৈ পৰে... এয়া দেশৰ দুৰ্ভাগ্য যে দিল্লীত বহি থকা শাসকসকলে দেশৰ নিৰাপত্তাৰ কথাও চিন্তা নকৰে, টকাৰ মূল্য হ্ৰাসৰ কথাও চিন্তা নকৰে... যদি চিন্তিত হয়, তেন্তে সেয়া কেৱল নিজৰ চকীখন বচাবলৈহে চিন্তা কৰা হৈছে।

উল্লেখযোগ্য যে যোৱা শুকুৰবাৰে অস্থিৰ ব্যৱসায়িক অধিবেশনৰ পাছত সোমবাৰে ভাৰতীয় মুদ্ৰাৰ মূল্য আমেৰিকান ডলাৰৰ বিপৰীতে ৮৫.৫৪ত স্থিৰ হৈ পৰে। আজি ঘৰুৱা মুদ্ৰাৰ মূল্য ৮৫.৪৮ ত মুকলি হয়, যিটো ব্যৱসায়ৰ শেষত ৮৫.৫৪ ত বন্ধ হয়। ইয়াৰ দ্বাৰা পূৰ্বৰ বন্ধ মূল্যৰ তুলনাত ৬ পইচা বৃদ্ধি পাইছে।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande