নতুন দিল্লী, ০২ জানুৱাৰী (হি.স.) মণিপুৰৰ মৰেহ জিলাত ভাৰত-ম্যানমাৰ সীমান্তত ৯.২১৪ কিলোমিটাৰ দৈৰ্ঘ্যৰ কাঁইটীয়া তাঁৰৰ বেৰ স্থাপনৰ কাম সম্পূৰ্ণ হোৱা বুলি কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে প্ৰকাশ কৰিছে।
২০২৩-২০২৪ চনৰ প্ৰতিবেদন প্ৰকাশ কৰি কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে কয় যে মণিপুৰৰ মৰেহত ভাৰত-ম্যানমাৰ সীমান্তত ৯.২১৪ কিলোমিটাৰ দৈৰ্ঘ্যৰ বেৰ স্থাপনৰ কাম সম্পূৰ্ণ হৈছে। সমান্তৰালভাৱে বেৰৰ কাষে কাষে সীমান্ত পথ নিৰ্মাণৰ কামো চলি আছে। এই প্ৰকল্পৰ জৰিয়তে নিৰাপত্তা বৃদ্ধি, সীমা অতিক্ৰম কৰি অবৈধ কাৰ্যকলাপ ৰোধ কৰা, সুলভতা উন্নত কৰা, সীমান্তৰক্ষীৰ টহল দিয়াৰ সুবিধা হোৱা বুলি কোৱা হৈছে। সীমান্ত পথ সংস্থা চমুকৈ বি আৰ অ’ই এই প্ৰকল্পত কাম কৰি আছে।
কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ৰ প্ৰতিবেদনত লগতে কোৱা হৈছে যে মুকলি সীমান্ত চোৰাং ব্যৱসায়, অবৈধ প্ৰব্ৰজন আৰু উগ্ৰপন্থী কাৰ্যকলাপৰ হটস্পটত পৰিণত হৈছে। মণিপুৰকে ধৰি ভাৰতৰ উত্তৰ-পূব অঞ্চলৰ চাৰিখন ৰাজ্যই ম্যানমাৰৰ সৈতে ১৬৪৩ কিলোমিটাৰ দৈৰ্ঘ্যৰ সীমান্ত ভাগ কৰে। ইয়াৰে অৰুণাচল প্ৰদেশৰ ৫২০ কিলোমিটাৰ, নাগালেণ্ডৰ ২১৫ কিলোমিটাৰ, মণিপুৰৰ ৩৯৮ কিলোমিটাৰ, মিজোৰামৰ ৫১০ কিলোমিটাৰ দৈৰ্ঘ্য ম্যানমাৰৰ সীমাৰেখাৰে। সীমান্তৰ ১,৬৪৩ কিলোমিটাৰৰ ১৪৭২ কিলোমিটাৰ সীমা জৰীপৰ কাম সম্পূৰ্ণ হৈছে।
মৰেহ এখন গুৰুত্বপূৰ্ণ সীমান্তৱৰ্তী চহৰ। গুৰুত্বপূৰ্ণ বাণিজ্য কেন্দ্ৰটোত ভাৰত চৰকাৰৰ বৃহত্তৰ প্ৰচেষ্টাৰ অংশ হিচাপে ভাৰত চৰকাৰে সীমান্ত সুৰক্ষিত কৰাৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ আন্তঃগাঁথনি উন্নয়নৰ অংশ।
উন্নত চোৱাচিতা ব্যৱস্থাৰ বাবে দুটা পাইলট প্ৰকল্প নিৰ্মাণৰ কাম চলি আছে। অৰুণাচল প্ৰদেশ আৰু মণিপুৰত এই প্ৰকল্পৰ এক কিলোমিটাৰকৈ সম্পূৰ্ণ কৰাৰ দায়িত্ব আছাম ৰাইফলছক দিয়া হৈছে। গৃহ মন্ত্ৰালয়ৰ এক প্ৰতিবেদন অনুসৰি ২০.৮৬২ কিলোমিটাৰ দৈৰ্ঘ্যৰ বেৰ আৰু পথ নিৰ্মাণৰ কাম ২০২৪ চনৰ ফেব্ৰুৱাৰী মাহত বি আৰ অ’ক প্ৰদান কৰা হৈছিল।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া