নতুন দিল্লী, ০২ জানুৱাৰী (হি.স.)। এনইইটি পৰীক্ষা সন্দৰ্ভত বিশেষজ্ঞ সমিতিৰ পৰামৰ্শ কাৰ্যকৰী কৰিব কেন্দ্ৰীয় চৰকাৰে। কেন্দ্ৰীয় চৰকাৰে এই কথা আজি উচ্চতম ন্যায়ালয়ত অৱগত কৰে। কেন্দ্ৰৰ পৰা এই তথ্যৰ পিছত আদালতে এই গোচৰৰ শুনানি তিনি মাহৰ বাবে পিছুৱাই দিয়ে। এই গোচৰৰ পৰৱৰ্তী শুনানি হ’ব এপ্ৰিল মাহত।
আজি শুনানিৰ সময়ত কেন্দ্ৰৰ হৈ হাজিৰ হোৱা ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাই কয় যে সমিতিখনে চৰকাৰক প্ৰতিবেদন দাখিল কৰিছে আৰু সেই প্ৰতিবেদনৰ সকলো পৰামৰ্শ চৰকাৰে কাৰ্যকৰী কৰিব। ইয়াৰ বাবে মেহতাই সময় বিচাৰিছিল, তাৰ পিছত আদালতে গোচৰৰ শুনানি তিনি মাহৰ বাবে পিছুৱাই দিয়ে।
২০২৪ চনৰ ২ আগষ্টত এনইইটি পৰীক্ষা পুনৰ অনুষ্ঠিত কৰাৰ দাবীত উচ্চতম ন্যায়ালয়ে নাকচ কৰিছিল। উচ্চতম ন্যায়ালয়ে এনইইটি পৰীক্ষাত কোনো ধৰণৰ পদ্ধতিগত বিসংগতি হোৱা নাই বুলি কৈছিল। কেৱল পাটনা আৰু হাজাৰী বাগত সংঘটিত হৈছে কাগজ ফাদিল। আদালতে কৈছিল যে চৰকাৰে নিযুক্তি দিয়া সমিতিখনৰ কামৰ পৰিসৰ আমি সিদ্ধান্ত লৈছো। ইয়াৰ পৰিসৰৰ ভিতৰত পৰীক্ষাৰ নিৰাপত্তা আৰু মানক পৰিচালনা পদ্ধতিৰ সিদ্ধান্ত ল’ব লাগিব, য’ত পৰীক্ষা কেন্দ্ৰ আবণ্টন প্ৰক্ৰিয়াৰ পৰ্যালোচনা, পৰীক্ষা কেন্দ্ৰৰ চিচিটিভি নিৰীক্ষণ, কাগজত যাতে কোনো অনিয়ম নহয় তাৰ প্ৰতি লক্ষ্য ৰখা আৰু ইয়াৰ সমাধানৰ ব্যৱস্থা কৰা আদি অন্তৰ্ভুক্ত কৰা হ’ব। লগতে খোলা ই-ৰিক্সাৰ সলনি ৰিয়েল টাইম ইলেক্ট্ৰনিক লক চিষ্টেম থকা বন্ধ বাহনত কাগজ পঠোৱাৰ ব্যৱস্থাও বিবেচনা কৰিব লাগে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া