ৰাম মন্দিৰ ট্ৰাষ্টৰ সদস্য তথা প্ৰাক্তন আই পি এছ আচাৰ্য কিশোৰ কুনালৰ দেহাৱসান
পাটনা, ২৯ ডিচেম্বৰ (হি.স.)। ভাৰতীয় আৰক্ষী সেৱাৰ প্ৰাক্তন বিষয়া তথা ৰাম মন্দিৰ ট্ৰাষ্টৰ সদস্য আচাৰ্য কিশোৰ কুনালৰ দেওবাৰে হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু হয়। কিশোৰ কুনালৰ মৃত্যুৰ কথা নিশ্চিত কৰিছে পুত্ৰই। আজি পুৱা কিশোৰ কুনালৰ হৃদযন্ত্ৰ বন্ধ হৈ পৰে আৰ
आचार्य किशोर कुनाल की फाइल फोटो


পাটনা, ২৯ ডিচেম্বৰ (হি.স.)। ভাৰতীয় আৰক্ষী সেৱাৰ প্ৰাক্তন বিষয়া তথা ৰাম মন্দিৰ ট্ৰাষ্টৰ সদস্য আচাৰ্য কিশোৰ কুনালৰ দেওবাৰে হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু হয়। কিশোৰ কুনালৰ মৃত্যুৰ কথা নিশ্চিত কৰিছে পুত্ৰই।

আজি পুৱা কিশোৰ কুনালৰ হৃদযন্ত্ৰ বন্ধ হৈ পৰে আৰু লগে লগে তেওঁক মহাবীৰ বাটছালা চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়, য’ত তেওঁ শেষ নিশ্বাস ত্যাগ কৰে। অৱসৰপ্ৰাপ্ত আই পি এছ বিষয়া কিশোৰ কুনাল অযোধ্যা মন্দিৰ ন্যাসৰ অন্যতম প্ৰতিষ্ঠাপক আছিল। অৱসৰৰ পিছত আচাৰ্য কিশোৰ কুনালে সমাজ কামত জড়িত হৈ পৰে আৰু বৰ্তমান তেওঁ বিহাৰ ৰাজ্যিক ধৰ্মীয় ন্যাস ব’ৰ্ডৰ অধ্যক্ষ আৰু পাটনাৰ বিখ্যাত মহাবীৰ মন্দিৰ ন্যাসৰ সম্পাদক আছিল। মহাবীৰ মন্দিৰ ট্ৰাষ্ট ব’ৰ্ডে পাটনাত কেইবাখনো বিদ্যালয় আৰু কেন্সাৰ চিকিৎসালয় চলাই আছে।

ৰাজধানী পাটনাত জ্ঞান নিকেতনৰ দৰে এখন বিখ্যাত বিদ্যালয়ৰ প্ৰতিষ্ঠাপক কিশোৰ কুনাল। যেতিয়া দেশত ভি পি সিং চৰকাৰ ক্ষমতাত আছিল তেতিয়া কেন্দ্ৰীয় চৰকাৰ, বিশ্ব হিন্দু পৰিষদ আৰু বাবৰি মছজিদ একচন কমিটিৰ মধ্যস্থতা কৰিবলৈ আচাৰ্য কিশোৰ কুনালক বিশেষ বিষয়া হিচাপে নিযুক্তি দিয়া হৈছিল।

১৯৫০ চনৰ ১০ আগষ্টত কিশোৰ কুনালৰ জন্ম হৈছিল। মুজাফ্ফৰপুৰ জিলাৰ বাৰুৰাজ গাঁৱৰ পৰাই স্কুলীয়া শিক্ষা কৰিছিল। পাটনা বিশ্ববিদ্যালয়ৰ পৰা ইতিহাস আৰু সংস্কৃত বিষয়ত স্নাতক ডিগ্ৰী লাভ কৰে। ১৯৭২ চনত গুজৰাট কেডাৰৰ পৰা ভাৰতীয় আৰক্ষী সেৱাৰ (আই পি এছ) বিষয়া হোৱাৰ পিছত তেওঁ আৰক্ষী অধীক্ষক হিচাপে নিযুক্তি লাভ কৰে। তাৰ পৰাই ১৯৭৮ চনত আহমেদাবাদৰ আৰক্ষী উপ আয়ুক্ত হয়। তেওঁ সংস্কৃত পণ্ডিতো আছিল।

১৯৮৩ চনত পদোন্নতি লাভ কৰি কিশোৰ কুনালে পাটনাত জ্যেষ্ঠ আৰক্ষী অধীক্ষক হিচাপে নিযুক্তি লাভ কৰে। কুনালে ১৯৯০ চনৰ পৰা ১৯৯৪ চনলৈ গৃহ মন্ত্ৰালয়ত বিশেষ কৰ্তব্যৰত বিষয়া হিচাপে কাম কৰিছিল। আই পি এছ বিষয়া হিচাপে কুনাল ইতিমধ্যে ধৰ্মীয় কাম-কাজৰ লগত জড়িত আছিল। ইয়াৰ পিছত ২০০০ চনত আৰক্ষীৰ পৰা অৱসৰ লোৱাৰ পিছত কে এছ ডি সংস্কৃত বিশ্ববিদ্যালয় দৰভংগাৰ উপাচাৰ্যৰ পদ গ্ৰহণ কৰে। ২০০৪ চনলৈকে এই পদত অধিষ্ঠিত হৈ পিছলৈ বিহাৰ ৰাজ্যিক ধৰ্মীয় ন্যাস ব’ৰ্ডৰ প্ৰশাসক হৈ প্ৰচলিত জাতিবাদী ধৰ্মীয় প্ৰথাৰ সংস্কাৰৰ সূচনা কৰে।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande