মৰণোত্তৰ দেহদানেৰে সৰভোগৰ হৰকান্ত দাসে ৰাখি গ'ল নিজৰ অস্তিত্ব
বৰপেটা, ২৭ ডিচেম্বৰ (হি.স.)। মৃত্যুৰ পিছতো মানৱ সেৱা তথা মৰণোত্তৰ দেহদানেৰে সৰভোগৰ হৰকান্ত দাসে ৰাখি গ'ল নিজৰ অস্তিত্ব। বৰপেটাৰ সৰভোগ নগৰৰ উত্তৰ গণকগাড়ীৰ হৰকান্ত দাস নামৰ লোকজনৰ মৃত্যুৰ পিচত আজি তেওৰ মৃতদেহটো বৰপেটা চিকিতসা মহাবিদ্যালয় হস্পিটাল কতৃ
মৰণোত্তৰ দেহদানেৰে সৰভোগৰ হৰকান্ত দাসে ৰাখি গ'ল নিজৰ অস্তিত্ব


বৰপেটা, ২৭ ডিচেম্বৰ (হি.স.)। মৃত্যুৰ পিছতো মানৱ সেৱা তথা মৰণোত্তৰ দেহদানেৰে সৰভোগৰ হৰকান্ত দাসে ৰাখি গ'ল নিজৰ অস্তিত্ব। বৰপেটাৰ সৰভোগ নগৰৰ উত্তৰ গণকগাড়ীৰ হৰকান্ত দাস নামৰ লোকজনৰ মৃত্যুৰ পিচত আজি তেওৰ মৃতদেহটো বৰপেটা চিকিতসা মহাবিদ্যালয় হস্পিটাল কতৃপক্ষৰ হাতত অৰ্পন কৰা হয়।

শুক্ৰবাৰে পুৱতি নিশা প্ৰায় ৪ বজাত ৯১ বছৰ বয়সত হৰকান্ত দাসৰ মৃত্যু হয়। জলসিঞ্চন বিভাগৰ জ্যেষ্ঠ সহায়ক হিচাপে চাকৰি জীৱনৰ পৰা অৱসৰ গ্ৰহন কৰা লোকজনে ২০২৩ চনৰ ২ ছেপ্টেম্বৰত ‘শেষ ইচ্ছাপত্ৰ’ৰ জৰিয়তে চিকিৎসা বিজ্ঞানৰ গৱেষণা তথা মানৱ সেৱাৰ লক্ষ্যৰে মৰণোত্তৰ দেহদান প্ৰক্ৰিয়াত স্বাক্ষৰ কৰি গৈছিল।

সেইমতে আজি হৰকান্ত দাসৰ জ্যেষ্ঠ পুত্ৰই বৰপেটা মেডিকেল কলেজৰ অধ্যক্ষ ডাঃ ৰমেন তালুকদাৰ, অধীক্ষক ডাঃ পাৰ্থপ্ৰতিম বৰা আৰু এনাটমী বিভাগৰ মুৰব্বী অধ্যাপকককে ধৰি বিভাগটোৰ চিকিৎসক সকলৰ উপস্থিতিত পিতৃৰ মৃতদেহটো হস্পিটাল কতৃপক্ষৰ হাতত অৰ্পন কৰে।

যুক্তিবাদী চিন্তা আৰু মানুহৰ কল্যাণৰ বাবে নিজৰ শৰীৰ দান কৰি যোৱা হৰকান্ত দাস দীৰ্ঘদিন ধৰি সৰভোগৰ সামাজিক অনুষ্ঠানৰ লগতে সৰভোগৰ গৰখীয়া গোসাঁই থান পৰিচালনা সমিতি আৰু উত্তৰ গণকগাড়ী কালী মন্দিৰ পৰিচালনা সমিতিৰ সৈতে জৰিত হৈ আছিল।

লোকজনৰ দেহদানৰ সময়ত লোকজনৰ পুত্ৰৰ লগতে পৰিয়ালৰ লোক আৰু ইলোৰা বিজ্ঞান মঞ্চৰ কেইবাগৰাকীও সদস্য উপস্থিত থাকে।

---------------

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande