বিশ্বনাথৰ বালিচাঙত বৃহৎ পৰিমানৰ ভাং জব্দ
বিশ্বনাথৰ বালিচাংত বৃহৎ পৰিমানৰ ভাং জব্দ।
ভাং


বিশ্বনাথ, ২৭ ডিচেম্বৰ (হি.স.): বিশ্বনাথৰ বালিচাঙত আজি বৃহৎ পৰিমানৰ ভাং জব্দ কৰা হৈছে। বালিচাং আৰক্ষী চকীৰ অন্তৰ্গত ২নং দিলীচাঙত ইতিমধ্যে উদ্ধাৰ কৰা হৈছে বৃহৎ পৰিমানৰ ভাং ৷ প্ৰায় ১০কেজি মান ওজনৰ ভাং জব্দ কৰা হৈছে চাহাবুদ্দিন আলী মানৰ লোকজনৰ গৃহৰ পৰা।

বালিচাং আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া জোনমনি দাসৰ নেতৃত্বত চলোৱা আকস্মিক অভিযানে এই বৃহৎ পৰিমানৰ ভাং জব্দ কৰিবলৈ সক্ষম হৈছে আৰক্ষীয়ে ৷ ইতিমধ্যে বিশ্বনাথ জিলা উপআৰক্ষী অধীক্ষক নৱজিৎ দাস বাগৰে তথা বিশ্বনাথ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া পৱন গায়ন ঘটনাস্থলীত উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে ৷ ইতিমধ্যে লোকজনক আটক কৰি বিশ্বনাথ চাৰিআলি আৰক্ষী থানালৈ লৈ অনা হৈছে ৷ এইক্ষেত্ৰত পাভৈ আছুৰ বিষয়ববীয়াৰ লগতে স্থানীয় ৰাইজে আৰক্ষীৰ এই পদক্ষেপক ধন্যবাদ জনাইছে ৷

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande