শিৱসাগৰত তিনিদিনীয়া কাৰ্য্যসূচীৰে অনুষ্ঠিত হৈছ সদৌ অসম কবি সন্মিলনৰ সপ্তদশ দ্বি-বাৰ্ষিক পূৰ্ণাংগ অধিৱেশন
শিৱসাগৰ, ২৭ ডিচেম্বৰ (হি.স.)। সদৌ অসম কবি সন্মিলনৰ সপ্তদশ দ্বি-বাৰ্ষিক পূৰ্ণাংগ অধিৱেশনখন আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে শিৱসাগৰ ছোৱালী কলেজৰ চৌহদত অনুষ্ঠিত হৈছে। এই উপলক্ষ্যে পুৱা ফিটা কাটি মূখ্য প্ৰৱেশদ্বাৰ মুকলি কৰে খাটপাৰ সত্ৰৰ সত্ৰাধিকাৰ ৰ
শিৱসাগৰত তিনিদিনীয়া কাৰ্য্যসূচীৰে অনুষ্ঠিত হৈছ সদৌ অসম কবি সন্মিলনৰ সপ্তদশ দ্বি-বাৰ্ষিক পূৰ্ণাংগ অধিৱেশন


শিৱসাগৰ, ২৭ ডিচেম্বৰ (হি.স.)। সদৌ অসম কবি সন্মিলনৰ সপ্তদশ দ্বি-বাৰ্ষিক পূৰ্ণাংগ অধিৱেশনখন আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে শিৱসাগৰ ছোৱালী কলেজৰ চৌহদত অনুষ্ঠিত হৈছে। এই উপলক্ষ্যে পুৱা ফিটা কাটি মূখ্য প্ৰৱেশদ্বাৰ মুকলি কৰে খাটপাৰ সত্ৰৰ সত্ৰাধিকাৰ ৰেৱকান্ত মহন্তই।‌

প্ৰৱেশদ্বাৰ মুকলি কৰি সত্ৰাধিকাৰ গৰাকীয়ে কবিতাই সকলোৰে মাজত যাতে মানৱীয় প্ৰমূল্যবোধ জগাই তোলে তাকে কামনা কৰে। ইয়াৰ পিছতে বন্তি প্ৰজ্বলন কৰি অনুষ্ঠানৰ শুভাৰম্ভ কৰে সদৌ অসম কবি সন্মিলনৰ সভাপতি বংশী বৰাই। অধিৱেশনৰ লগত সংগতি ৰাখি গ্ৰন্থমেলা , শিল্প কলা প্ৰদৰ্শনীৰো ব্যৱস্থা কৰা হৈছে। ইয়াৰ উপৰিও অনুষ্ঠিত কৰা হৈছে কবিতা আবৃত্তি প্ৰতিযোগিতা , গ্ৰন্থ উন্মোচনী অনুষ্ঠান আদি। উল্লেখ্য যে শিৱসাগৰ ছোৱালী কলেজ প্ৰাংগনত ২৯ ডিচেম্বৰলৈকে হ'বলগীয়া পূৰ্ণাংগ অধিৱশনতে সদৌ অসম কবি সন্মিলনৰ পৰবৰ্তী কাৰ্যকালৰ বাবে সমিতি গঠন কৰা হ'ব ।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande