মহানগৰীত হেৰ’ইনসহ গ্ৰেপ্তাৰ এজন
গুৱাহাটী, ২৫ ডিচেম্বৰ (হি.স.)। গুৱাহাটীৰ পানবজাৰ থানা এলেকাত বিশেষ টাস্ক ফ’ৰ্চ (এছটিএফ), অসমে অভিযান চলাই হেৰ’ইনসহ এজন ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে। এছটিএফে জনোৱা মতে, বুধবাৰে গোপন তথ্যৰ ভিত্তিত পান বজাৰ থানা এলেকাৰ ২ নম্বৰ ৰে’লৱে গেট এলেকাত চল
মহানগৰীত হেৰ’ইনসহ গ্ৰেপ্তাৰ এজন


গুৱাহাটী, ২৫ ডিচেম্বৰ (হি.স.)। গুৱাহাটীৰ পানবজাৰ থানা এলেকাত বিশেষ টাস্ক ফ’ৰ্চ (এছটিএফ), অসমে অভিযান চলাই হেৰ’ইনসহ এজন ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে।

এছটিএফে জনোৱা মতে, বুধবাৰে গোপন তথ্যৰ ভিত্তিত পান বজাৰ থানা এলেকাৰ ২ নম্বৰ ৰে’লৱে গেট এলেকাত চলোৱা অভিযানৰ সময়ত ১৯টা সৰু সৰু প্লাষ্টিকৰ পেকেটত পেক কৰা ২৫.৪ গ্ৰাম হেৰ’ইনসহ এজন সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰা হয়।

ধৃত ড্ৰাগছ সৰবৰাহকাৰীজনৰ নাম সুৰেশ প্ৰসাদ (২১, কাৰ্বি আংলং) বুলি পৰিচয় পোৱা গৈছে। হেৰ’ইনৰ উপৰিও গ্ৰেপ্তাৰ হোৱা অভিযুক্তৰ পৰা নগদ ১৯০ টকা জব্দ কৰে এছটিএফে। ধৃত অভিযুক্তক এছ টি এফে স্থানীয় আৰক্ষীক গতাই দিয়ে। এই সন্দৰ্ভত আৰক্ষীয়ে এফআইআৰ ৰুজু কৰি বিষয়টোৰ তদন্ত অব্যাহত ৰাখিছে।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande