গুৱাহাটী, ২৪ ডিচেম্বৰ (হি.স.)। গুৱাহাটীৰ পান বজাৰ আৰক্ষীয়ে চুৰি কাণ্ডৰ সৈতে জড়িত এজন চোৰক গ্ৰেপ্তাৰ কৰিছে। মঙলবাৰে পানবজাৰ থানাৰ চিজিপিডিৰ এটা দলে মালিগাঁৱৰ জয়ন্ত ডেকাক ৩ নং ৰে’লগেট আৰু ২ নং ৰে’ল গেটৰ মাজত এটা বেগত চুৰি সামগ্ৰীসহ কৰায়ত্ত কৰে।
ধৃত অভিযুক্তৰ পৰা ১.১১ লাখ টকাৰ নগদ ধন, ১২ গ্ৰাম ওজনৰ ২টা সোণৰ মুদ্ৰা আৰু এটা মোবাইল ফোন জব্দ কৰে। জেৰাৰ অন্তত অভিযুক্তই ৩ নং গেটৰ সমীপৰ উষামাটিত চুৰি কৰা সোণৰ সামগ্ৰীৰ বিষয়ে আৰক্ষীক অৱগত কৰে। ধৃত অভিযুক্তই চুৰিৰ অপৰাধ স্বীকাৰ কৰিছে।
অভিযানৰ সময়ত আৰক্ষীৰ দলটোৱে অভিযুক্তৰ চিনাক্তকৰণৰ ভিত্তিত ৪যোৰ সোণৰ কাণফুলি, এটা সোণৰ কাণৰ টপ আদি উদ্ধাৰ কৰে। এই সন্দৰ্ভত আৰক্ষীয়ে এফআইআৰ ৰুজু কৰি ধৃত অভিযুক্তক তীব্ৰ জেৰা অব্যাহত ৰাখিছে।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া