শোণিতপুৰ,২১ ডিচেম্বৰ (হি.স.)। শোণিতপুৰ আৰক্ষীৰ জালত পৰিছে ৰাজ্যৰ একাধিক থানাত ডকাইতিৰ গোচৰ ৰুজু থকা সাত দুধৰ্ষ ডকাইত ৷ তেজপুৰৰ পাঁচমাইলৰ পৰা যোৱা নিশা এই সাতজন ডকাইতক কৰায়ত্ত কৰিবলৈ সক্ষম হয় শোণিতপুৰ আৰক্ষী ৷
উল্লেখ্য যে যোৱা দহ ডিচেম্বৰৰ নিশা তেজপুৰৰ নিকটৱৰ্তী টুমুকীত জুৰী দেৱী নামৰ মহিলা গৰাকীৰ বাসগৃহত প্ৰৱেশ কৰি পৰিয়ালৰ সকলোকে হাত ভৰি বান্ধি পিস্তল দেখুৱাই ডকাইটৰ দলটোৱে এটিএম কাৰ্ড,মোবাইল ফোন আৰু সোণৰ অলংকাৰ লুট কৰিছিল ৷ ইয়াৰ পাছতে দলটোৱে এটিএম কাৰ্ডৰে ৩০হেজাৰ টকা মোকলাইছিল যদিও আৰক্ষীয়ে এই খৱৰ লাভ কৰাৰ পিছত কাৰ্ডখন অচল কৰি দিয়ে ৷
আনহাতে ডকাইতিৰ এই ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰখা শোণিতপুৰ আৰক্ষীয়ে যোৱানিশা দলটোৰ আটাইকেজন সদস্যকে তেজপুৰত কৰায়ত্ত কৰিবলৈ সক্ষম হয় ৷ তেজপুৰ সদৰ থানাৰ প্ৰভাৰী পৰিদৰ্শক ভাস্কৰজ্যোতি বেজবৰুৱাই এই সন্দৰ্ভত আজি কয় যে, নগাঁৱৰ ৰহা,চামগুৰি আৰক্ষী থানাতো গোচৰ পঞ্জীয়ন থকা দলটোৱে পূৰ্বেও একাধিক ডকাইতি কাণ্ড সংঘটিত কৰিছে ৷ আৰক্ষীৰ গোপন সূত্ৰে লাভ কৰা আগতীয়া তথ্যৰ ভিত্তিত আৰক্ষীয়ে অভিযান আৰম্ভ কৰে আৰু নিশা দলটোক কৰায়ত্ত কৰিবলৈ সক্ষম হয় ৷
দলটোৰ পৰা এএছ ০২ এবি ৭৪৪৪ নম্বৰৰ এখন আৰ্টিগা আৰু এএছ০২-৯৮২২ নম্বৰৰ এখন পালছাৰ মটৰ চাইকেলো জব্দ কৰাৰ লগতে ডকাইতিৰ সময়ত লুট কৰা মোবাইল ফোন আৰু লোহাৰ সৰঞ্জাম জব্দ কৰিছে আৰক্ষীয়ে ৷ ইতিমধ্যে জেৰা অব্যাহত ৰখা ডকাইতৰ দলটোৰ সদস্য সকলক শোণিতপুৰৰ ঢেকিয়াজুলিৰ ইব্ৰাহিম আলি,চিৰাজুলিৰ আজগৰ আলি, নগাঁও জিলাৰ কলিয়াবৰ উলুৱনীৰ ইছমাইল হুছেইন আৰু বাহাৰুল ইছলাম,চামগুৰিৰ ওমৰ আলি,মৰিগাঁও জিলাৰ মৈৰাবাৰীৰ মহিদুৰ আলি আৰু মৰিগাঁৱৰ নজৰুল ইছলাম বুলি চিনাক্ত কৰা হৈছে। ইয়াৰে ভিতৰত ওমৰ আলি দলটোৰ মূল ব্যক্তি আৰু ২০২১ত তেজপুৰৰ পৰা একেলগে ছখন বলেৰ’ পিকআপ চুৰি কৰা ঘটনাৰেও ওমৰ জড়িত আছিল আৰু সেই ঘটনাটো ওমৰৰ সন্ধান অব্যাহত আছিল বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে ৷
হিন্দুস্থান সমাচাৰ / সমীৰ কাৰ