গুৱাহাটী, ২০ ডিচেম্বৰ (হি.স.)। গুৱাহাটীৰ পান বজাৰ আৰক্ষীয়ে ড্ৰাগছ সৰবৰাহৰ গোচৰত জড়িত এজন সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিছে।
শুকুৰবাৰে আৰক্ষীয়ে জনোৱা মতে, এক গোপন তথ্যৰ ভিত্তিত থানা এলেকাৰ দীঘলীপুখৰী অঞ্চলত চলোৱা অভিযানৰ সময়ত ২১টা সৰু সৰু প্লাষ্টিকৰ পেকেটত পেক কৰা ২৮ গ্ৰাম হেৰ’ইনসহ এজন সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰা হয়।
ধৃত সৰবৰাহকাৰীজন বিশাল সিং (সোলাপাৰ) বুলি চিনাক্ত কৰা হৈছে। এই সন্দৰ্ভত আৰক্ষীয়ে এনডিপিএছ আইনৰ অধীনত এফআইআৰ ৰুজু কৰি ধৃত সৰবৰাহকাৰীজনক তীব্ৰ জেৰা অব্যাহত ৰাখিছে।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া