মোডী চৰকাৰে উত্তৰ-পূবক উন্নয়ন কেন্দ্ৰিক কৰি তুলিছে:  অমিত শ্বাহ
আগৰতলা, ২১ ডিচেম্বৰ (হি.স.)। ত্ৰিপুৰাৰ আগৰতলাত অনুষ্ঠিত উত্তৰ-পূব পৰিষদ (এনইচি)ৰ ৭২ সংখ্যক পূৰ্ণাংগ বৈঠকত কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী অমিত শ্বাহে সম্বোধন কৰে। তেওঁ কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ দৃষ্টিভংগী আৰু সংবেদনশীলতাৰে উত্তৰ-প
पूर्वोत्तर परिषद की 72वीं पूर्ण बैठक में अन्य नेताओं के साथ केंद्रीय गृह मंत्री अमित शाह।


Agartala: Image of the 72nd plenary meeting of the North Eastern Council NEC chaired by Union Home and Cooperation Minister Amit Shah began at Pragya Bhavan in Agartala, Tripura.


আগৰতলা, ২১ ডিচেম্বৰ (হি.স.)। ত্ৰিপুৰাৰ আগৰতলাত অনুষ্ঠিত উত্তৰ-পূব পৰিষদ (এনইচি)ৰ ৭২ সংখ্যক পূৰ্ণাংগ বৈঠকত কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী অমিত শ্বাহে সম্বোধন কৰে। তেওঁ কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ দৃষ্টিভংগী আৰু সংবেদনশীলতাৰে উত্তৰ-পূৰ্বাঞ্চলক উন্নয়নৰ কেন্দ্ৰবিন্দুলৈ আনিছে।

অমিত শ্বাহে কয় যে উত্তৰ-পূবৰ ৰাজ্যসমূহৰ সকলো সমস্যা সমাধানৰ বাবে মোডী চৰকাৰ অঞ্চলটোৰ সৈতে থিয় দিছে। বিভিন্ন খণ্ডৰ প্ৰয়োজনীয়তা আৰু প্ৰত্যাহ্বানসমূহ চিনাক্ত কৰি ফলপ্ৰসূ সমাধান প্ৰদানৰ ক্ষেত্ৰত এন ই চিয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আছে।

উত্তৰ-পূৰ্বাঞ্চলৰ উন্নয়ন ত্বৰান্বিত কৰাত গুৰুত্ব আৰোপ কৰি কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কয় যে মোডী চৰকাৰৰ লক্ষ্য উত্তৰ-পূৰ্বাঞ্চলৰ উন্নয়নৰ গতি ত্বৰান্বিত কৰি ভাৰতৰ বাকী অংশৰ সমতুল্য কৰি তোলা। তেওঁ ‘এক্ট ইষ্ট, এক্ট ফাষ্ট’ মন্ত্ৰ কাৰ্যকৰী কৰাৰ প্ৰতিশ্ৰুতি প্ৰকাশ কৰে।

শান্তি আৰু নিৰাপত্তাৰ উন্নতিৰ প্ৰয়োজনীয়তা বৰ্ণনা কৰি তেওঁ কয় যে যোৱা ১০ বছৰত উত্তৰ-পূবত হিংসাত্মক ঘটনা ৭১ শতাংশ আৰু সাধাৰণ নাগৰিকৰ মৃত্যুৰ হাৰ ৮৬ শতাংশ হ্ৰাস পাইছে। এই সময়ছোৱাত ১০,৫৭৪ উগ্ৰপন্থীয়ে আত্মসমৰ্পণ কৰিছে।

অমিত শ্বাহে কয় যে শান্তি প্ৰতিষ্ঠা কৰিবলৈ মোডী চৰকাৰে বিভিন্ন শান্তি চুক্তিৰ জৰিয়তে উল্লেখযোগ্য সফলতা লাভ কৰিছে।

নতুন আইনসমূহে নাগৰিকক ক্ষমতা প্ৰদান কৰিব বুলি কৈ অমিত শ্বাহে কয় যে এতিয়া উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰতিজন নাগৰিকক সম্পত্তি, মৰ্যাদা আৰু পৰিয়ালৰ সুৰক্ষাৰ দৰে সাংবিধানিক অধিকাৰ প্ৰদান কৰাৰ সময় আহি পৰিছে, যিবোৰ নতুন তিনিখন অপৰাধমূলক আইনত সন্নিৱিষ্ট হৈ আছে। তেওঁ কয় যে উত্তৰ-পূর্বাঞ্চলে বিশ্বৰ বজাৰৰ সৈতে সংযোগ স্থাপন কৰিছে৷ মোডী চৰকাৰে এই অঞ্চললৈ বিনিয়োগকাৰীক আকৰ্ষণ কৰাৰ লগতে বিশ্বব্যাপী বজাৰ মুকলি কৰাৰ প্ৰয়াস কৰিছে। এই পদক্ষেপে উত্তৰ-পূৰ্বাঞ্চলৰ উন্নয়ন ত্বৰান্বিত কৰাত সহায় কৰিছে।

আৰক্ষী বাহিনীৰ প্ৰশিক্ষণ আৰু দিশৰ পৰিৱৰ্তনৰ পৰামৰ্শ দি অমিত শ্বাহে কয় যে প্ৰতিখন ৰাজ্যই আৰক্ষীৰ কৰ্ম সংস্কৃতি আৰু দৃষ্টিভংগী সলনি কৰাৰ বাবে প্ৰচেষ্টা চলাব লাগে। এই পদক্ষেপে উত্তৰ-পূৰ্বাঞ্চলক উন্নয়ন আৰু শান্তিৰ নতুন যুগলৈ লৈ যাব বুলি তেওঁ আস্থা প্ৰকাশ কৰে।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande