-অহা সপ্তাহটো আম্বেদকাৰ সন্মান সপ্তাহ হিচাপে কৰিব উদযাপন
নতুন দিল্লী, ২১ ডিচেম্বৰ (হি.স.)। আম্বেদকাৰ বিষয়ত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ পদত্যাগৰ দাবীত দেশজোৰা আন্দোলন আৰম্ভ কৰাৰ কথা ঘোষণা কৰিছে কংগ্ৰেছ দলে। মূল বিৰোধী দলটোৱে অহা সপ্তাহটোক আম্বেদকাৰ সন্মান সপ্তাহ হিচাপে উদযাপন কৰিব।
কংগ্ৰেছ দলৰ ৰাষ্ট্ৰীয় সংগঠনৰ সাধাৰণ সম্পাদক কে চি ভেনুগোপালে আজি এক বিবৃতিত কয় যে গৃহমন্ত্ৰী অমিত শ্বাহৰ পদত্যাগৰ দাবীত আমাৰ আন্দোলন অব্যাহত থাকিব। মনুস্মৃতিৰ উপাসক সকলৰ বিৰুদ্ধে বাবাছাহেব আম্বেদকাৰৰ উত্তৰাধিকাৰ ৰক্ষাৰ বাবে আমি যুঁজ দিম। কংগ্ৰেছ দলে আগন্তুক সপ্তাহটোক ড° আম্বেদকাৰ সন্মান সপ্তাহ হিচাপে উদযাপন কৰিব।
তেওঁ কয় যে ২২-২৩ ডিচেম্বৰত সমগ্ৰ দেশৰ সকলো কংগ্ৰেছ সাংসদ, জ্যেষ্ঠ নেতা আৰু কংগ্ৰেছ কৰ্মী সমিতিৰ সদস্যই নিজৰ সমষ্টি আৰু গৃহ জিলাত সংবাদমেল অনুষ্ঠিত কৰিব। ২৪ ডিচেম্বৰত আমি দেশজুৰি বাবা চাহেব আম্বেদকাৰ সন্মান মাৰ্চ অনুষ্ঠিত কৰি অমিত শ্বাহৰ পদত্যাগৰ দাবী জনাই জিলা উপায়ুক্তৰ জৰিয়তে ৰাষ্ট্ৰপতিৰ ওচৰত এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰিম । সকলো কংগ্ৰেছ কৰ্মীয়ে বাবাছাহেবৰ প্ৰতিমূৰ্তিত মালা পিন্ধাই পদযাত্ৰা কৰিব। এই পদযাত্ৰাৰ সময়ত তেওঁলোকে বাবা চাহেব আম্বেদকাৰৰ বিশাল ছবি কঢ়িয়াই লৈ ফুৰিব আৰু তেওঁলোকৰ মূল দাবী থকা বিশাল প্লেকাৰ্ডো কঢ়িয়াই নিব।
কংগ্ৰেছৰ সাধাৰণ সম্পাদক ভেনুগোপালে কয় যে ২৬-২৭ ডিচেম্বৰত আমি বেলাগাভিত বৰ্ধিত কংগ্ৰেছ কৰ্মী সমিতিৰ অধিৱেশন আৰু মেগা ৰেলী অনুষ্ঠিত কৰিম, য’ত আমি ড০ আম্বেদকাৰ আৰু তেওঁৰ আদৰ্শৰ প্ৰতি আমাৰ দায়বদ্ধতা পুনৰবাৰ প্ৰকাশ কৰিম।
উল্লেখযোগ্য যে সংসদৰ শীতকালীন অধিৱেশনৰ সময়ত ৰাজ্যসভাত সংবিধানৰ ৭৫ বছৰৰ সোণালী যাত্ৰাৰ আলোচনাৰ সময়ত কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহে উত্তৰত বাবা চাহেব আম্বেদকাৰৰ অৱদানৰ প্ৰশংসা কৰিছিল। কিন্তু কংগ্ৰেছে তেওঁৰ ভাষণৰ ১১ ছেকেণ্ডক বিতৰ্কিত বুলি অভিহিত কৰি বাবা চাহেবৰ প্ৰতি “অপমান” বুলি অভিহিত কৰে। এই বিষয়ত কংগ্ৰেছে শাসকীয় বিজেপি আৰু অমিত শ্বাহক আক্ৰমণ কৰিছে।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া